সদনত উন্মোচন হ’ল ৰাজ্যৰ ৫০টা বিভাগত খালী ১০৭১৪৯টা পদ

Job vacancy

নিবনুৱা সকলৰ বাবে ভাল খবৰ। অসম চৰকাৰৰ ৫০টা বিভাগত খালী হৈ আছে লক্ষাধিক পদ। ২০১৬চনৰ তথ্যৰ ভিত্তিত ১লাখ ৭হাজাৰ ১৪৯টা পদ খালী হৈ আছে ৫০টা বিভাগত।

পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশত মঙ্গলবাৰে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই কৰা এক প্ৰশ্নৰ উত্তৰত অসম চৰকাৰে দাঙি ধৰিছে এই তথ্য।

List of vacancy

উল্লেখ্য শিক্ষা বিভাগত সৰ্বাধিক  ৫০হাজাৰ ৪৬৫টা, গৃহ আৰু ৰাজনৈতিক বিভাগত ২০২৪৮টা, স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগত ৯৩৫৩টা পদ খালী হৈ আছে।

গুৰুত্বপূৰ্ণ কথা চৰকাৰে সদনত উল্লেখ কৰা তথ্য অনুসৰি পাব্যত উন্নয়ন আৰু জলসম্পদ বিভাগৰ খালী হৈ থকা পদৰ তথ্য বৰ্তমানৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই।

অসম চৰকাৰৰ ১লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি খালী হৈ থকা পদসমূহ পূৰণৰ সম্ভৱনা আছে।

Your Comments