ৰাজ্যৰ আজিৰ দিনটোৰ ক’ৰ’না পৰিস্থিতি জানো আহক

Corona virus

ৰাজ্যৰ ক’ভিড পৰিস্থিতি বৰ্তমান যথেষ্টখিনি নিয়ন্ত্ৰণলৈ আহিছে যদিও ৰাজ্যবাসী বৰ্তমান আতংকিত হৈ আছে ক’ৰ’নাৰ তৃতীয় ঢৌৰ কথা ভাবি ৷ 

আতংকৰ মাজতে এটা ভাল খবৰ যে আজিৰ দিনটোত ৰাজ্যখনত ক’ভিড পজিটিভ লোকৰ হাৰ ২ শতাংশৰ তলতে আছে। তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৰাজ্যত ১,৬৮,৩৬১ টা ক’ভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৫৭৫ জন। 

কিন্তু চিন্তাৰ বিষয় যে মৃত্যুৰ সংখ্যা পূৰ্বৰ তুলনাত আজি পুনৰ বৃদ্ধি পোৱা দেখা গৈছে। উল্লেখ্য যে, আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ৩৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে, কামৰূপ(ম)ত যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ২১৭ জন ।

ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি আজিৰ দিনটোত ক’ভিড পজিটিভিটিৰ হাৰ ১.৫৩ শতাংশ আৰু এই সময়ছোৱাত সুস্থ হৈ অহা লোকৰ হাৰ ৯৫.১৯ শতাংশ।

Your Comments