অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত নতুনকৈ আৰক্ষী থানা অথবা আৰক্ষী চকী স্থাপন কৰাৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। তাৰ বাবে সকলো বিধায়কক আহ্বান জনাই কয় যে নিজ নিজ সমষ্টিত থানা বা আৰক্ষী চকীৰ প্ৰয়োজন হ’লে ডিজিপিক অৱগত কৰে যেন তেওঁলোকে।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে অতি সোনকালে কাৰ্যকৰীকৰণ কৰিবলগীয়া ১ লাখ নিযুক্তি প্ৰক্ৰিয়াত এই থানাসমূহকো অন্তৰ্ভুক্ত কৰা হ’ব।
ইয়াৰোপৰি বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সীমান্ত সুৰক্ষাৰ বাবে ১০ টা বেটেলিয়ন নিয়োজিত কৰাৰ কথাও ৷ তেওঁ জানিবলৈ দিয়ে যে, নতুন বেটেলিয়ন কেইটাক অতিৰিক্তি ক্ষমতা দিয়া হ’ব ৷
জানিব পৰা অনুসৰি, কাৰ্বিআংলং আৰু নাগালেণ্ড সীমান্তত অসম-নাগালেণ্ড সীমান্তৰ মানুহৰ লগতে বনজ সম্পদৰ সুৰক্ষাৰ বাবে স্থাপন কৰা হ’ব ইয়াৰে এটা কামাণ্ডো বেটেলিয়ন।
- Log in to post comments
- 20 views