মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল বাজেট অধিৱেশন বিৰোধী সদন ত্যাগ, অখিলে ক'লে কলা দিন, পঢ়ক

A

নিউজ ডেস্ক :

পঞ্চদশ অসম বিধানসভাৰ প্ৰথম দিনটোত পেট্ৰ'ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল হয় সদনত।প্ৰথম দিনা অন্য কাৰ্যসূচী বাতিল কৰি ৰাজহুৱা স্বাৰ্থত মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনাৰ আহ্বান জনাইছিল বিৰোধীয়ে।বিৰোধীৰ আহ্বানক নস্যাত কৰি চৰকাৰী পক্ষই যুক্তিত মূল্যবৃদ্ধি সন্দৰ্ভত আলোচনা কৰাৰ অনুমতি নিদিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

অধ্যক্ষ সিদ্ধান্তক বিৰোধিতা কৰি বিৰোধীয়ে ত্যাগ কৰে সদন।সদন ত্যাগ কৰি বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনে কয়- 'চৰকাৰখন কনফিউজ চৰকাৰ।মূল্যবৃদ্ধিক লৈ চৰকাৰৰ আলোচনা কৰাৰ সাহস নহ'ল।চৰকাৰে মূৰ পোলোকা মাৰি ইচ্ছাকৃত ভাৱে সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে'।

বিৰোধিৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অধ্যক্ষই সদন স্থগিত বুলি কৈছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে হুছেইনে।

মূল্যবৃদ্ধি প্ৰসংগ আলোচনা কৰাৰ অনুমতি নিদিয়া সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয়- 'মূল্যবুদ্ধি এই সময়ত অসমৰ ডাঙৰ সমস্যা।ইয়াৰ ওপৰতে যদি আলোচনা নহয় তেন্তে অন্য কি বিষয়ৰ ওপৰত আলোচনা হ'ব!'

অধ্যক্ষই সদন স্থগিত ৰখা বুলি ঘোষণাৰ  পিছতো সভা চলাই থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰৰ বিধায়ক গৰাকীয়ে কয়- নীতি-নিয়মৰ বাহিৰত কাৰ্যসূচী চলাইছে।অসম বিধানসভাৰ আজি দিনটো কলা অধ্যায়।কাৰণ ডাঙৰ সমস্যা মূল্যবৃদ্ধি ওপৰত কথা ক'ব দিয়া নহল।

'মই কথা কলে বিধানসভাত শাসক পক্ষই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।মুখ্যমন্ত্ৰীয়ে কোৱা ২মিনিটকৈ সদনত বেছি সময় কথা কৈছোঁ '-- গগৈয়ে কয়।

Your Comments