বাজেট অধিৱেশনৰ প্ৰথম দিনটোতেই উত্থাপন হ’ল চাৰিখন বিধেয়ক

বাজেট অধিৱেশন

১২জুলাই অৰ্থাৎ আজিৰপৰা অনুষ্ঠিত হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত উত্থাপন কৰা হ’ল চাৰিখন নতুন বিধেয়ক।

উক্ত চাৰিখন বিধেয়কৰ দুখন উত্থাপন কৰিলে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাই উত্থাপন কৰা বিধেয়ক দুখন হ’ল ক্ৰমে ‘গো-সুৰক্ষা বিধেয়ক-২০২১’ আৰু ‘দ্যা বেংগল, আগ্ৰা এণ্ড আছাম চিভিল কোৰ্টছ বিল-২০২১’। আন দুখন বিধেয়ক উত্থাপন কৰে অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা অজন্তা নেওগে ৷ তেওঁ উত্থাপন কৰা বিধেয়ক দুখন হ’ল- “দ্য আছাম গুডচ এণ্ড চাৰ্ভিচ টেক্স (সংশোধিত) বিল” আৰু “দ্য আছাম মিনিচিপাল (সংশোধিত) বিল”।

জানিব পৰা অনুসৰি চলিত বিধানসভাৰ বাজেট অধিবেশনত ১৩ খন বিধেয়ক উত্থাপন কৰা হ’ব।

Your Comments