চুক্তিভিত্তিক সমস্যা! ফাইজাৰ, মডাৰ্ণা-ৰ সৈতে আলোচনা কৰি সমাধানৰ চেষ্টা কেন্দ্ৰৰ

Vaccine

দেশত টিকাকৰণক অধিক দ্রুত গতিত আগবঢ়াবলৈ বদ্ধপৰিকৰ মোদী চৰকাৰ। সেই কাৰণে ফাইজাৰ আৰু মডার্নাৰ সৈতে দ্রুত কথাবার্তাৰ মাধ্যমেৰে টিকা আৰম্ভৰ চেষ্টা কৰিছে মোদী চৰকাৰে। নীতি আয়োগৰ সদস্য ডঃ ভি কে পলে কৈছে যি দুই সংস্থাৰ সৈতে টিকা সন্দৰ্ভত চুক্তিভিত্তিক সমস্যা আছে, সেই বিষয়ত দুই সংস্থাৰ সৈতে কথাবার্তা চলিছে।

সংবাদ সংস্থা এএনআইক ডঃ ভি কে পলে কৈছে, "আমি দুই সংস্থাৰ সৈতে যোগাযোগ কৰিছো। আমি আলোচনা কৰিছো। এইটো আলোচনাৰ আৰু সংলাপৰ প্রক্রিয়া। আমি চুক্তিভিত্তিক  বিষয়সমূহৰ সমাধান পোৱাৰ চেষ্টা কৰিছো। এই প্রক্রিয়া চলিছে।"

জুনত, মার্কিন-ভিত্তিক বায়োটেকনোলজি সংস্থা মডার্নাই ঘোষণা কৰিছিল যে জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰৰ বাবে ভাৰতে ক’ভিড-১৯ ভেক্‌চিন দেশত আমদানিৰ অনুমতি প্ৰদান কৰিছে। আনহাতে, ফাইজাৰে ভাৰতক জৰুৰী ব্যৱহাৰৰ অনুমোদনৰ বাবে আবেদন কৰা নাই। নীতি আয়োগৰ সদস্য তথা ক’ভিড টাস্ক ফোর্ছৰ প্রধান ডাঃ ভি কে পলে জনাইছে মডার্নাৰ লগতে মার্কিন টিকা ফাইজাৰৰ সৈতেও ইতিমধ্যে কথাবার্তা আৰম্ভ কৰিছে ভাৰতে।

ৰয়টার্ছৰ এক প্রতিবেদনত কোৱা হৈছে যে, ভাৰতে ক’ভিড-১৯ ৰ তৃতীয় ঢৌ আৰু সংক্রমণক ৰোধ কৰিবলৈ টিকা অভিযানক সম্প্রসাৰণ কৰাৰ চেষ্টা কৰিছে। মার্কিন সংস্থা ফাইজাৰৰ পৰা ৩ ৰপৰা ৪ মিলিয়ন ডোজ লোৱাৰ কথা জনাইছে মোদী চৰকাৰে। আগষ্টৰ মাজ ভাগত মডার্না দেশলৈ অহাৰ কথা।

ইয়াৰোপৰি প্রতিবেদনত প্রকাশিত হৈছে যে GAVI  ভেক্‌চিন জোট আৰু ৱৰ্ল্ড হেল্থ অর্গেনাইজেচন (WHO)-ৰ নেতৃত্বত কোভেক্সে এই মাহৰ প্রথম ভাগত মার্কিন নিৰ্মিত ডোজ ভাৰতত পঠিয়াব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ জনোৱা হৈছে ক’ভিডৰ বিৰুদ্ধে এই ভেক্‌চিনৰ কাৰ্যকাৰিতা প্রায় ৯৪.২ শতাংশ।

Your Comments