ক’ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে অলপদিন আগতে ঘোষণা কৰা হৈছিল বহু কেইখন জিলাৰ বহু কেইটা স্থানত সম্পূৰ্ণ লক্ডাউন ৷ এই ঘোষণাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিল ৰহাত ৷ ফলত ১১জুলাইৰপৰা ১৫জুলাইলৈকে ৰহাত পুনৰ ৫ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিলে জিলা উপায়ুক্তই |
উল্লেখ্য যে, দেওবাৰৰপৰা হ’ব লগা এই লক্ডাউনত বন্ধ থাকিব ৰহাৰ নগৰ এলেকা | ঘোষণা অনুসৰি বন্ধৰ সময়চোৱাত কেৱল ফাৰ্মাচী,গেলামাল আদি অত্যাৱশকীয় সামগ্ৰীৰ দোকানসমূহ খোলা থাকিব ৷
- Log in to post comments
- 15 views