বঙাইগাঁৱত চিলনী চোৰসহ দুজনক গ্ৰেপ্তাৰ 

Pic

*উদ্ধাৰ সোণঃ জব্দ মটৰ চাইকেল*

#বঙাইগাঁৱৰ প্ৰতিবেদক,১১ জুনঃ

বঙাইগাঁও চহৰত দিনে দিনে চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাই অহাৰ সময়তে বৃহস্পতিবাৰে বিয়লি নিউ বঙাইগাঁও আৰক্ষীয়ে এজন চিলনী চোৰক আটক কৰে ৷ নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে বঙাইগাঁও চহৰৰ পাগলাস্থান এলেকাৰ পৰা ইজাহাৰ খান নামৰ চোৰজনক আটক কৰে ৷ উল্লেখ্য যে যোৱা চাৰি জুনত নিউ বঙাইগাঁও ডাংতল পথত দিনৰ ভাগত এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়া ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইজাহাৰ খানক আটক কৰে ৷

Pic

ইতিমধ্যে,আৰক্ষীৰ জেৰাত ইজাহাৰ খানে উক্ত ঘটনাৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰাৰ লগতে সোণৰ চেইনডাল এখন সোণাৰীৰ দোকানত বিক্ৰী কৰা বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ পিছত আৰক্ষীয়ে ইজাহাৰ খানৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁৱৰ নতুন পাৰাৰ এখন সোণাৰীৰ দোকানৰ পৰা গলোৱা অৱস্থাত সোণৰ চেইনডালৰ সোণখিনি উদ্ধাৰ কৰাৰ লগতে দোকানখনৰ গৰাকী পংকজ শ্বাহক আটক কৰে ৷

Pic

আৰক্ষীয়ে চিলনী চোৰজনৰ পৰা এখন নম্বৰ প্লেট বিহীন ইয়ামাহা মটৰ চাইকেলো জব্দ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে দুয়োজনকে গ্ৰেপ্তাৰ কৰি আজি বঙাইগাঁও আদালতত হাজিৰ কৰাই অধিক সোধ-পোছৰ বাবে দুদিনৰ বাবে নিজৰ জিম্মালৈ নিয়ে ৷ নিউ বঙাইগাঁও আৰক্ষীয়ে এই চুৰি কাৰ্যৰ সৈতে আৰু সদস্য জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে ৷ 

 
গাঁঁঁঁঁঁ

Your Comments