সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাই ৰঙিয়াত অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠৰ এটি বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ ভূপেন হাজৰিকা প্ৰতিমূৰ্তি সংৰক্ষণ সমিতি আৰু ৰঙিয়াৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান "স্বৰগোষ্ঠী"ৰ যুটীয়া উদ্যোগত আজি আয়োজিত অনুষ্ঠানটিত প্ৰতিমূৰ্তিটো উন্মোচন কৰে অসমৰ যশস্বী শিল্পী দ্বীপেন বৰুৱাই ৷
কামৰূপ জিলা পৰিষদৰ সদ্য প্ৰাক্তন সভাপতি দেৱব্ৰত কলিতাই জিলা পৰিষদৰ পুঁজিৰ দ্বাৰা ৰঙিয়াৰ তিনিগয়া (মূৰাৰা) চ'কত নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটোৱে সমগ্ৰ চহৰখনকে এটা নতুন চিনাকি দিব ৷
ভূপেন হাজৰিকা প্ৰতিমূৰ্তি সংৰক্ষণ সমিতিৰ সভাপতি নৰেন্দ্ৰ শৰ্মাৰ লগতে উন্মোচনী অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, গল্পকাৰ তথা বৰ্তমানে অসম আৰক্ষীৰ সঞ্চলাক প্ৰধান কুল শইকীয়া উপস্থিত থাকে ৷
ইয়াৰ পাছতে ৰঙিয়াৰ প্ৰায় ১৫টাতকৈ অধিক অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক সম্বৰ্ধনা জনায় ৷ স্বৰগোষ্ঠীৰ সচিব জোতিৰ্ময় কলিতাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাজ্ঞলি জনাই ৰঙিয়াৰ কেইবাজনো উদীয়মান শিল্পীয়ে গীত পৰিবেশন কৰে ৷
- Log in to post comments
- 69 views