মন্ত্ৰী হিমন্ত 'লক্ষ্যভ্ৰষ্ট শৰ্মা'-ৰিপুন বৰা

Pic

"মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এতিয়া লক্ষ্যভ্ৰষ্ট শৰ্মা।গুলী মাৰি আছে সঁচা,কিন্তু টাৰ্গেটত লগাব পৰা নাই।তেওঁৰ আক্ৰমণ মূল্যহীন"- প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত বৰাই সংবাদ মাধ্যমৰ আগত কয়- "মিত্ৰজোঁঁটক শৰ্মাই ভয় কৰি চিঞৰ-বাখৰ কৰিছে।এশ প্লাছ আসন যদি পায়ে,তেন্তে গাৰ ঘাম মাটিত পেলাই কিয় চাইকেল চলাই ফুৰিব লগা হৈছে।হেলিকপ্টাৰত গৈ চাইকেল চলোৱা কথা মানুহে বুজি পাইছে।"

আগন্তুক বিধানসভাৰ নিৰ্বাচনত যিগৰাকী প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা অধিক থাকিব,তেওঁকে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি উল্লেখ কৰি বৰাই কয়-"গহপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকট বিচাৰি ময়ো আবেদন কৰিছোঁ।বৰ্তমান সময়লৈ দলৰ টিকট বিচাৰি পাঁচ শতাধিকৰো অধিক আবেদন আহিছে।"প্ৰাৰ্থীৰ আবেদন দাখিলৰ শেষ সময়সীমা ১৭ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা বুলিও বৰাই লগতে কয়।

আনহাতে,বিজেপিক পৰাস্ত কৰাৰ বাবে বিৰোধী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধ হোৱাৰ পুনৰ আহ্বান জনায় বৰাই।

Your Comments