এজেপি-ৰাইজৰ দলৰ মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণা:কৃষ্ণ-বলোৰাম ঐক্যবদ্ধ,কংস বধ নিশ্চিত

Pic

"কৃষ্ণ-বলোৰাম ঐক্যবদ্ধ,কংস বধ নিশ্চিত হ'ল"-অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ আনুষ্ঠানিক মিত্ৰতা ঘোষণা কৰি এই মন্তব্য দুয়োটা দলৰ নেতৃত্বৰ।গুৱাহাটীৰ পাণবজাৰৰ এখন হোটেলত যৌথভাৱে দুয়োটা দলৰ নেতৃত্বই শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি মিত্ৰতা আনুষ্ঠানিকভাৱে হোৱাৰ কথা ঘোষণা কৰিলে।

"অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত আপোচবিহীন জাতীয়তাবাদৰ বৰভেটি গঢ়িবলৈ এজেপি-ৰাইজৰ দল ঐক্যবদ্ধ হৈছে।ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আগ্ৰাসী মানসিকতা,অতিকেন্দ্ৰিকভূত চিন্তা, যুক্তৰাষ্ট্রীয় ব্যৱস্থাত আঞ্চলিক অধিকাৰ,আত্মনিয়ন্ত্ৰণ সংগ্রামৰ প্ৰতি বৈষম্যমূলক চিন্তা, সাম্প্ৰদায়িকতাই গণতান্ত্ৰিক ঐতিহ্য গৰিমাক নিঃশেষ কৰা জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ জাতীয় জীৱনক ন্যায় দিবলৈ আপোচবিহীন ঐক্যবদ্ধ জাতীয়তাবাদৰ বিকল্প নাই"-যৌথ সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয়।

বৃহস্পতিবাৰে এজেপি নেতৃত্বই ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰাৰ পিছতে মিত্ৰতা চূড়ান্ত হোৱা বুলি গগৈয়ে কয়।

"জাতীয়তাবাদৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ ৰাজনৈতিক অধিকাৰ কিদৰে সুৰক্ষিত কৰিবলৈ পাৰি, 
ক্ষুদ্ৰ-ক্ষুদ্ৰ জাতিসত্তাৰ আত্মনিয়ন্ত্ৰণ, ভাষা-কৃষ্টি-সংস্কৃতিৰ লগতে ভাগি পৰা জাতীয় অৰ্থনীতিৰ বৰভেটি  উদ্ধাৰেৰে জাতীয় পুঁজি শক্তিশালী কৰাৰ বাবে বিস্তৃতভাৱে আলোচনা কৰা হৈছিল"-লগতে কয়।

আজিৰ দিনটো অসমৰ বাবে এটা ঐতিহাসিক দিন,ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰি গগৈয়ে কয়- "আগন্তক বিধানসভা নিৰ্বাচনত এজেপি-ৰাইজৰ দলে ঐক্যবদ্ধ ভাৱে যুঁঁজ দিম।"

আগন্তক দিনত স্বতন্ত্ৰ,স্বাভিমানী, আপোচবিহীন ৰাষ্ট্রীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক দলৰ লগত  কোনো ধৰণৰ সনা-পোটোকা নথকা অন্য আঞ্চলিক দলসমূহৰ লগতো মিত্ৰতা হ'ব বুলি এজেপি সভাপতিগৰাকীয়ে কয়।

যৌথ সংবাদমেলত উপস্থিত থাকি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক'-ডি শইকীয়াই কয়-"ফেচিষ্ট সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে যুঁঁজ দিম।বিজেপি- আৰএছএছৰ ভুৱা জাতীয়তাবাদ, প্ৰতাৰণা,অগপই কৰা চূড়ান্ত বিশ্বাসঘাটকতাৰ বিৰুদ্ধে হ'ব যুঁঁজ।"

"অসমবাসীয়ে বিভিন্ন সময়ত কৰি অহা মিত্ৰতা প্ৰশ্ন,অনিশ্চয়তাৰ, আশংকা অৱসান ঘটাই আমি ঐক্যবদ্ধ হৈছোঁ"-শইকীয়াই কয়।

উল্লেখ যে যৌথ সংবাদমেলত ৰাইজৰ দল কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন,জিতুল ডেকা,এজেপিৰ সম্পাদক জগদীশ ভূঞা,কাৰ্যকৰী সভাপতি পবিন্দ্র ডেকা উপস্থিত থাকে।

Your Comments