'ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দলীয় সংবিধান উলংঘা কৰি মোক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিছে ৷ এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদিহে প্ৰাথমিক সদস্য পদৰ পৰা কাৰোবাক বহিস্কাৰ কৰিব পাৰে ৷
কিন্তু এনে সকলো নীতি-নিয়ম অৱমাননা কৰি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে মোৰ ক্ষেত্ৰত হুৰমূৰকৈ সিদ্ধান্ত লৈছে ৷' এই গুৰুতৰ অভিযোগ বিজেপিৰ সদ্য বহিস্কৃত নেত্ৰী মীৰা বৰঠাকুৰৰ ৷
আজি দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মাধ্যমক সম্বোধি বৰঠাকুৰে কয়, 'মোক বিজেপিৰ প্ৰশান্ত গোস্বামীয়ে ৱাটছএপ মেছেজৰ জৰিয়তে প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ জাননী দিছে ।
দলৰ নীতি-নিৰ্দেশনা মানি চলা মানুহ হিচাপে কেৱল ৱাটছএপ মেছেজেৰে বহিস্কাৰ কৰা কথাটো মানি ল'ব নোৱাৰোঁ । কথাটো পুনৰ বিবেচনাৰ বাবে ৰাজ্যিক সভাপতিক আহ্বান জনাম । জাননী দিলেও মেইলযোগে বা হাতেৰে লিখি দিব লাগে ।'
আনহাতে, মীৰা বৰঠাকুৰে কয়, 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে যদি দলে এই শাস্তিমূলক সিদ্ধান্ত লৈছে, তেন্তে মই ১০০বাৰ শাস্তি মূৰ পাতি ল'বলৈ প্ৰস্তুত আছোঁ ।'
তেওঁৰ ভাষাত, 'বিজেপি দলক ভালপাওঁ, শ্ৰদ্ধা কৰোঁ । অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ আদৰ্শ লৈ বিজেপিত আহিছোঁ । ৰাজনীতি মোৰ পেছা নহয়, অন্তিম দিনটোলৈকে ৰাইজৰ হকে কাম কৰি যাম । বিজেপিৰ বেনাৰখনেই মীৰা বৰঠাকুৰক মীৰা বৰঠাকুৰ বনাইছে ।'
বাকপটু নেত্ৰীৰূপে পৰিচিত মীৰা বৰঠাকুৰৰ মতে, ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠাৰ লগতে ভিডিঅ'ও ফাদিল হ'ল । কিন্তু দলে কোনো ব্যৱস্থা নল'লে আৰু বিজেপিৰ স্বাভিমানতো নালাগিল ।

কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰোঁতে বিজেপিৰ স্বাভিমানত লাগিল । তেওঁ জনোৱা মতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিৰ ১০ হাজাৰ মানুহে চহী কৰিছে ।
বহিস্কৃত নেত্ৰাগৰাকীয়ে ক্ষোভেৰে কয়, 'ঈৰ্ষাপৰায়ণ আৰু নিজৰ ভৰিৰ তলৰ মাটিকণো নথকাসকলে মোৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰত লিপ্ত হৈছে ।
যোৱা ৭ বছৰত বহু প্ৰশ্নৰ উত্তৰ বিচাৰি সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰিছিলোঁ ৷ কিন্তু একোৱেই উত্তৰ নাপালোঁ ।
মীৰা বৰঠাকুৰে স্পষ্ট কৰি দিয়ে যে নৈতিকতা ৰক্ষা কৰি দেহৰ শেষ টোপাল তেজ থকালৈকে তেওঁ দলৰ হৈ কাম কৰি যাব ।
আগন্তুক নিৰ্বাচন আহি আছে, গতিকে দলটোৰ অনিষ্ট হোৱাটো তেওঁ নিবিচাৰে ।
- Log in to post comments
- 49 views
