"বিজেপিৰ ১০০ প্লাছ মিছন ২০-২৫খন আসনত ৰৈ যাব,প্ৰথম পৰাজিত প্ৰাৰ্থী হ'ব ৰঞ্জিত দাস"-চিত্তৰঞ্জন বসুমতাৰী

Pic

"অসম চৰকাৰৰ ক'ভিডৰ সকলো নিয়ম ভংগ কৰি ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ প্ৰলোভনৰ ৰাজনীতি কৰিবলৈ আহিছে।অসম চৰকাৰৰ ক'ভিড প্ৰটকল পালন কৰিব লাগিছিল"- গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ।

শনিবাৰে গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এজেপিৰ এটা যোগদান কাৰ্যসূচীত উপস্থিত থাকি বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়-"অসমত অন্যায়ভাৱে নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ কাম কেন্দ্ৰ চৰকাৰে কৰিছে।গতিকে অমিত শ্বাহ নালাগে,মোডী আহিলেও অসমৰ মানুহ বিজেপিৰ লগত নাই।বিজেপি মিথ্যাচাৰীৰ দল,অসমৰ ৰাইজে দেখি আছে।এইবাৰ জনসাধাৰণৰ শক্তিশালী আঞ্চলিকতাবাদী চৰকাৰ হ'ব।"


মোডী-শ্বাহ যি আহিলেও অসমৰ ৰাইজে গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰি তেওঁ কয়-প্ৰলোভন-ক্ষমতা ব্যৱহাৰ কৰিবলৈ ইয়াত আহিছে। যিমান ক্ষমতা-বাহুবল প্ৰয়োগ কৰিলেও অসমৰ ৰাইজে গ্ৰহণ নকৰে।জনতাক বিভিন্ন নিয়ম-নীতিৰ মাজত ৰাখি তেওঁলোকে সকলো প্ৰট'কল ভংগ কৰি নিৰ্বাচনত শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে।"

বিজেপিয়ে সদায় জনতাৰ বাবে নিয়ম-নীতি প্ৰস্তুত কৰে।কিন্তু দলীয়-চৰকাৰী অনুষ্ঠানত সেই প্ৰট'কল মানি নচলে।'২১ত তাৰ প্ৰত্যুত্তৰ জনতাই দিব।জনতাক মূৰ্খ সজাবলৈ বিচাৰিছে- এজেপি কেন্দ্ৰীয় নেতৃত্বগৰাকীয়ে এইদৰে কয়।

আনহাতে,অগপ দলক সমালোচনা কৰি কয়- বিজেপিৰ হালোৱা অগপ দল।মালিকে যি ক'ব সেয়াই হব হব।অগপ নিশ্চিহ্ন হৈছে।প্ৰলোভন কৰি আত্মসহায়ক গোট কিছুমান  মাতি সভা কৰিছে।অগপ দলে এটা চিট জিকিব নোৱাৰে।"

বিজেপিৰ এশ প্লাছ মিছন ২০-২৫টা চিটত ৰৈ যাব বুলি কৈ তেওঁ কয়-প্ৰথম পৰাজিত হ'ব লগা বিজেপি প্ৰাৰ্থীগৰাকী হ'ব ৰঞ্জিত দাস।তাৰ বাবে তেওঁ সমষ্টি বিচাৰি ফুৰিছে।ঠিক অগপ সভাপতি গৰাকীয়েও সমষ্টি বিচাৰি ফুৰিছে পৰাজয়ৰ চিন্তাত।"

Your Comments