'অসম মিঞা পৰিষদ'সহ ১৩টাকৈ জাতীয় সংগঠনৰ উদ্যোগত ৰাজ্যত গঠন হ'ল নতুন ৰাজনৈতিক দল।উপেক্ষিত খিলঞ্জীয়াৰ স্বাৰ্থত গঠিত আঞ্চলিক দলটো হল "জাতীয় দল অসম"। আহোম ৰয়েল চ'চাইটীৰ সভাপতি কমলা ৰাজকোঁৱৰৰ অধ্যক্ষতাত গঠিত সমন্বয়ৰক্ষী সমিতিয়ে ঘোষণা কৰে নতুন ৰাজনৈতিক দলটোৰ নাম। আগন্তক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লক্ষ্যৰে ঘোষণা হোৱা ৰাজনৈতিক দলটোৱে বিজেপি,কংগ্ৰেছ,এআইইউডিএফক উৎখাৎ কৰাৰ বাবে সকলো আঞ্চলিকতাবাদী শক্তিক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।ৰাজনৈতিক দল গঠনৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক এম জে হাজৰিকাই কয়-"অসমৰ বাৰেৰহনীয়া জাতি জনগোষ্ঠীৰ সমন্বয়-সম্প্ৰীতি, স্বাভিমান-অধিকাৰ সুনিশ্চিত কৰা মাজেদি জাতিক সুৰক্ষিত কৰিবলৈ উপেক্ষিত খিলঞ্জীয়াৰ মুক্তি হ'ব দলটো মূল উদ্দেশ্য আৰু লক্ষ্য।" গুৱাহাটীৰ অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ বৰুৱা-লখিমী বৰুৱা সদনত নতুন ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰে জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীয়ে।
- Log in to post comments
- 93 views