সমগ্ৰ ৰাজ্যৰ লগতে আজি ৰঙিয়াতো ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি বিশিষ্ট শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱসটি শিক্ষক দিৱস হিচাপে উদ্যাপন কৰা হয় ।
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত শাখা মধুকুছি ছাত্ৰ সন্থাৰ উদ্যাগত মধুকুছি সংস্কাৰক সংঘ আৰু পুথিভঁৰালৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস উদ্যাপন কৰে ।
পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে মধুকুছি ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু শৰ্মাই । ছহিদ তৰ্পণ কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সঞ্জয় নাথে ৷ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মধুকুছি হাইস্কুলৰ প্ৰধান শিক্ষক দীনেশ চন্দ্ৰ নাথে ।
শৈক্ষিক সভা উদ্বোধন কৰি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে বিশিষ্ট শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে কোৱাৰ লগতে বৰ্তমান যুৱ-প্ৰজন্মক গুৰুৰ আৰ্দশেৰে অনুপ্ৰাণিত হোৱাৰ বাবে আহ্বান জনায় ।
তেওঁ লগতে কয়, শিক্ষক এজন মমবাতি, যিয়ে নিজে জ্বলি আনক পোহৰ বিলায় । শিক্ষাগুৰু এজনে শিক্ষাৰ্থীসকলক মানৱ সম্পদ গঢ়াত যথেষ্ট কষ্ট কৰিবলগীয়া হয় । তেখেতে ভৱিষ্যৎ কৰ্মজীৱন আগবঢ়াই নিয়াৰ বাবে শিক্ষাগুৰুৰ পৰা আশীৰ্বাদ বিচাৰে ।
তেওঁ কয় যে মানৱ সম্পদ সৃষ্টিকাৰী শিক্ষাগুৰুসকলে আজিৰ দিনতো নিজৰ প্ৰাপ্য বিচাৰি আন্দোলন কৰিবলগীয়াটো দুৰ্ভাগ্যজনক । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে শিক্ষক দিৱস সম্পৰ্কত বহলাই ব্যাখ্যা আগবঢ়ায় ।
অনুষ্ঠানটোত উপস্থিত থাকে ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিউটন কলিতাসহ বিশিষ্ট ব্যক্তিসকল ।
অনুষ্ঠান অৱসৰপ্ৰাপ্ত শিক্ষকসকলক গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় । আনহাতে, মধ্য ৰঙিয়া ছাত্ৰ সন্থাই ৰঙিয়া অঞ্চলৰ শিক্ষানুষ্ঠানসমূহলৈ গৈ শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱাৰ লগতে কনিহা, ধুহিতো শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনায় ।
সম্বৰ্ধনা জ্ঞাপন কৰে জিতু ডেকা, শ্যামন্ত কলিতা, ৰিজবুল আহমেদ, ভৱজ্যোতি কলিতা, অমৰজ্যোতি কলিতা, জিতু ৰাজবংশী, ৰাজকুমাৰ কলিতা, দেৱজ্যোতি ডেকাসহ ছাত্ৰকৰ্মীসকলে ।
- Log in to post comments
- 458 views