ক'ৰ'না ভাইৰাছত আক্রান্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।সোমবাৰে মহন্ত আক্রান্ত হৈছে ক'ৰ'নাত।হোম আইছ'লেছনত আছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী।
উল্লেখ যে ক'ভিড আক্রান্ত মহন্তই সামাজিক মাধ্যম ফেচবুকত ক'ৰ'নাক পৰাস্ত কৰি কিদৰে পুনৰ আকৌ কৰ্মক্ষেত্ৰলৈ উভতি আহিব তাৰে বৰ্ণনা কৰিছে।তেওঁ লিখিছে এইদৰে-"সদায় ইতিবাচক চিন্তা আৰু যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। কোভিড-১৯ প'জিটিভ হোৱাৰ পিছত এতিয়া ভাবিছোঁ-ক'ৰ'না ভাইৰাছক পৰাস্ত কৰিব পৰাকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠাৰ পিছত এগৰাকী ক'ৰ'না যোদ্ধা হিচাপে পূৰ্বতকৈয়ো অধিক শক্তিশালী ৰূপত ক'ৰ'না বিৰোধী যুঁজত অৱতীৰ্ণ হ'ব পাৰিম।সি যি কি নহওঁক,শেহতীয়াভাৱে মোৰ সংস্পৰ্শলৈ অহা লোকসকলক অনতিপলমে কোভিড-১৯ চিনাক্তকৰণ পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছোঁ। কিয়নো,আমাৰ সতৰ্কতাই আমাক ৰক্ষা কৰিব,ক'ৰ'না সংক্ৰমণ ৰোধ কৰিব।সুস্থ হৈ থাকক,সতৰ্কতা অৱলম্বন কৰক আৰু স্বাস্থ্যবিধি মানি চলক।"
- Log in to post comments
- 36 views