"মন্ত্ৰীৰ দুৱাৰে দুৱাৰে জুবিন কিয় যাব লাগে,তেওঁৰ ওচৰলৈ মন্ত্ৰী আহিব লাগে"-সাংসদ অজিত কুমাৰ ভূঞা

Ajit Kumar Bhuyan

*"সামাজিক দায়বদ্ধতা নাই শিল্পী জুবিন গাৰ্গৰ,অলপ দিনৰ পিছত জুবিনৰ ভূমিকা নিৰ্ণয় হ'ব"*

"পথাৰ আমাৰ বজাৰ আমাৰ" শীৰ্ষক কাৰ্যসূচী বাস্তৱায়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কাষ চপা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক চৰ্চা চলি থকাৰ মাজতে এইবাৰ মুখ খুলিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।বৰপেটাত সাংসদগৰাকীয়ে জুবিনৰ কামক আমি ভাল পোৱা নাই বুলি উল্লেখ কৰি কয়-"সামাজিক দায়বদ্ধতা থকা শিল্পী নহয় জুবিন গাৰ্গ।প্ৰতিভা আছে,জনপ্ৰিয় শিল্পী।কিন্তু এটা সামাজিক কামত লাগি থাকিবৰ কাৰণে,জাতিৰ স্বাৰ্থত অত্যাচাৰী গণবিৰোধী চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ এজন শিল্পী বা মানুহৰ আদৰ্শগত স্থিতি লাগিব।আদৰ্শগতভাৱে যদি শক্তিশালী হৈ নিজৰ আদৰ্শত থাকিবলৈ নোৱাৰে,সমাজৰ প্ৰতি যদি দায়বদ্ধ নহয়,তেতিয়া তেওঁ কেতিয়াও সমাজক সহায় কৰিবলৈ নোৱাৰে।ব্যক্তিগত স্বাৰ্থত সদায় ৰজাঘৰৰ ফালে গতি কৰিব লাগিব।"

"জুবিন গাৰ্গৰ দৰে এজন শিল্পীয়ে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰা অৰ্থ একো মই বিচাৰি পোৱা নাই।কি কাৰণে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে যাব লাগে।মন্ত্ৰীহে তেওঁ ওচৰলৈ আহিব লাগে"-সাংসদ ভূঞাই কয়।

ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদগৰাকীয়ে কয় -"অলপ দিনৰ পিছত জুবিন গাৰ্গৰ ভূমিকা নিৰ্ণয় হ'ব।"

Your Comments