ৰাজ্যিক কেবিনটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কি কি?

Cabinat

*বজালীক পূৰ্ণাংগ জিলাৰূপে অনুমোদন*


মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক কেবিনেট বৈঠক সম্পন্ন।বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বজালী মহকুমাক পুৰ্ণাংগ জিলালৈ অনুমোদন জনায়।তাৰ বাবে বিষয়া পৰ্যায়ৰ ১০টা পদ আৰু অন্যান্য ৮৫টা পদবীৰ সৃষ্টি কৰা হ'ব।

ৰাজ্যৰ ১৬১ গৰাকী পাৰিতোষিকপ্ৰাপ্ত গ্ৰন্থগাৰিকৰ বৰ্তমান ৯০০ টকাৰ পৰা ১২,০০০ টকালৈ আৰু ১৫৩ গৰাকী সহায়কৰ পাৰিতোষিক ৫৫০ টকাৰ পৰা ৯০০০ টকালৈ বৃদ্ধিত অনুমোদন জনায়।

"আসাম ন'ন গভর্নমেণ্ট এডুকেশ্যন ইনষ্টিটিউট ৰুলছ -২০২০"ক আজিৰ বৈঠকত অনুমোদন জনোৱা হয়।

"আসাম ষ্ট্ৰীট ভেণ্ডৰ্ছ স্কিম-২০২০"ক বৈঠকে অনুমোদন জনায়।

ষ্টেট কেটেল এণ্ড বাফেলো ব্ৰিডিং পলিচী-২০২০ক কেবিনেটে অনুমোদন জনায়।

গুৰুত্বপূৰ্ণ বৈঠকখনত এছ ডি আৰ এফত আৰু দুটা নতুন কোম্পানী গঠন কৰাৰ বাবে অনুমোদন জনোৱা বুলি জানিবলৈ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

Your Comments