কলাইগাঁৱৰ কবিৰালীত মিলচন মোচাহাৰী-দিলীপ মোচাহাৰী সোঁৱৰণী ফুটবলৰ শুভাৰম্ভ

কলাইগাঁৱৰ কবিৰালীত মিলচন মোচাহাৰী-দিলীপ মোচাহাৰী সোঁৱৰণী ফুটবল আৰম্ভ

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিকটৱৰ্তী কবিৰালীত প্ৰয়াত মিলচন মোচাহাৰী আৰু দীলিপ মোচাহাৰী সোঁৱৰণী ফুটবল টুৰ্ণামেণ্টখন আজিৰে পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় ।

বিটিচিৰ অধ‍্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে খেলখন উদ্বোধন কৰাৰ প্ৰাক্‌মুহূৰ্তত প্ৰয়াত মহান ব‍্যক্তি দুগৰাকীৰ স্মৃতিত এক মিনিট সময় মৌনতা অবলম্বন কৰি আত্মাৰ সদ্‌গতি কামনা কৰে ।

কলাইগাঁৱৰ কবিৰালীত মিলচন মোচাহাৰী-দিলীপ মোচাহাৰী সোঁৱৰণী ফুটবল আৰম্ভ

কবিৰালী হাইস্কুল ফুটবল দল বনাম সৰুবেঙেৰা ফুটবল ক্লাবে উদ্বোধনী খেলখনত অৱতীৰ্ণ হয় । কবিৰালী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ শিক্ষক লুঈছ মোচাহাৰীয়ে আঁতধৰা অনুষ্ঠানখনত উপস্থিত থাকে বিটিচিৰ অতিৰিক্ত মুখ্য সচিব তথা প্ৰয়াত মিলচন মোচাহাৰীৰ স্মৃতিত ট্ৰফী দাতা ৰবিনচন মোচাহাৰী,

কলাইগাঁৱৰ কবিৰালীত মিলচন মোচাহাৰী-দিলীপ মোচাহাৰী সোঁৱৰণী ফুটবল আৰম্ভ

কবিৰালী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষ ডম্বৰুধৰ গোস্বামী, শিলপোটা মৌজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, প্ৰয়াত দিলীপ মোচাহাৰীৰ স্মৃতিত ট্ৰফী দাতা উৎপল মোচাহাৰী, ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক চন্দন ব্ৰহ্ম, ৰাণীপুখূৰী আৰু ঝাৰগাঁও কদমগুৰি ভিচিডিচিৰ শ্বেয়াৰমেনসকলৰ লগতে স্থানীয় এবছু আৰু ঐক‍্যমঞ্চৰ সভাপতিবৃন্দ ।

কলাইগাঁৱৰ কবিৰালীত মিলচন মোচাহাৰী-দিলীপ মোচাহাৰী সোঁৱৰণী ফুটবল আৰম্ভ

উদ্বোধনী খেলখন পৰিচালনা কৰে ইজৰাইল দৈমাৰীয়ে ৷ তেখেতক ছাইড ৰেফাৰী হিছাপে সহায় কৰে বিশ্বজিৎ বড়ো, কুনাল বসুমতাৰী আৰু বিকাশ বসুমতাৰীয়ে ।

প্ৰথমাৰ্ধৰ খেল চলি থকা সময়লৈকে সৰুবেঙেৰা ফুটবল ক্লাবে কবিৰালী হাইস্কুল ফুটবল দলতকৈ ২-১ গ'লৰ ব্যৱধানত আগবাঢ়ি আছে ৷

Your Comments