আগন্তক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ এখন কাৰ্যনিৰ্বাহক বৈঠক ।
দলৰ বৰ্তমানৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, দলটোৰ বিধায়ক তথা মন্ত্ৰী ফণীভুষণ চৌধৰী, মন্ত্ৰী কেশৱ মহন্ত, বৃন্দাবন গোস্বামী, দীপক দাস প্ৰমুখ্যে দলটোৰ জন্মলগ্নৰে পৰা জড়িত ভালেসংখ্যক ব্যক্তি তথা বিভিন্ন জিলাৰ প্ৰতিনিধিবৰ্গ ।
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকখনত বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে আগন্তক পঞ্চায়ত নিৰ্বাচন আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে কেনেদৰে দলটোক অগুৱাই নিব লাগিব আৰু কেন্দ্ৰীয় নেতৃত্বই কি কি দিশৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে ।
লগতে আগন্তক পঞ্চায়ত নিৰ্বাচনত দলটোৱে অকলেই নিৰ্বাচনত প্ৰাৰ্থী অৱতীৰ্ণ কৰাব লাগে বুলিও জিলা প্ৰতিনিধিসকলে নিজৰ মতামত ব্যক্ত কৰে । আনকি তেওঁলোকে যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ লগত যিবিলাক চুক্তি কৰি মিত্ৰতা কৰিছিল সেই চুক্তিসমূহ এতিয়া বিজেপি দলটোৱে কাৰ্যত ৰূপায়ণ কৰা নাই বুলিও ব্যক্ত কৰে ।
ইফালে তিনিচুকীয়া জিলাৰ দলটোৰ সভাপতিগৰাকীয়ে এইবুলিও নিজৰ মন্তব্যত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই জিলা প্ৰতিনিধিসকলৰ লগত কোনো সম্পৰ্ক ৰখা নাই বুলিও অসন্তুষ্টি প্ৰকাশ কৰে ।
ঠিক একেদৰে মানকাচৰৰ প্ৰতিনিধিবৰ্গই নিজৰ মতামত কয় যে দলটোৰ কোনো কেন্দ্ৰীয় নেতা তেওঁলোকৰ অঞ্চললৈ গ'লে তেওঁলোকে একো খবৰে নাপায় । তাৰফলত দলটোৰ প্ৰতি সদস্যসকলৰ বিশ্বাস নোহোৱা হয় বুলিও ক্ষোভ প্ৰকাশ কৰে ।

ইফালে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তইও তেওঁ বক্তব্যত মিত্ৰজোঁট চৰকাৰখনৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰে । তেওঁ কয় যে নিৰ্বাচনৰ সময়ত দলটোৰ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে তেওঁ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল আৰু কংগ্ৰেছ দলক সহায় কৰিছিল ।
ইয়াৰ উপৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপি দলটোৱে অগপৰ কিছু জ্যেষ্ঠ নেতাক বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিব বুলিও প্ৰতিশ্ৰুতি দিছিল ৷ লগতে দলটো জন্মৰ মূল উদেশ্যসমূহ বাস্তৱায়িত কৰিব বুলিও প্ৰতিশ্ৰুতি দিছিল ৷
কিন্তু বাস্তৱত তেওঁলোকে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই বুলিও তেওঁ মন্তব্য কৰে । ইয়াৰ উপৰি প্ৰতিখন জিলাই দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰি পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰাৰ্থী থিয় কৰাই জয়ী হৈ পঞ্চায়ত দখল কৰি ২০১৯ৰ লোকসভা নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব লাগে বুলি দলটোক পৰামৰ্শ দিয়ে ।
এই পৰামর্শক কেন্দ্ৰীয় কার্যনিৰ্বাহকে সঁহাৰি জনাই পঞ্চায়ত নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰে । কিন্তু লোকসভা নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব নে মিত্ৰজোঁটত থাকিব তাৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে ।
কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰে যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰতেই নিৰ্ভৰ কৰিব ২০১৯ৰ লোকসভা নিৰ্বাচনৰ মিত্ৰতাৰ কথাটো !
আনহাতে, যোৱা কেইবাদিনো ধৰি সংবাদ মাধ্যমত দলটোৱে মিত্ৰপক্ষক ৫খনকৈ আসনৰ দাবী জনোৱা বুলি যি খবৰ ওলাইছে সেই খবৰৰ কোনো সত্যতা নাই বুলিও স্পষ্ট মতামত ৰাখে দলটোৰ কেন্দ্ৰীয় সমিতিয়ে । এতিয়া লোকসভা নিৰ্বাচনক লৈ দলে কোনো চিন্তা কৰা নাই বুলিও উল্লেখ কৰে ।
- Log in to post comments
- 24 views
