পৰৱৰ্তী লোকসভা নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ হৈছে বিভিন্ন দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজত ৷ এই ক্ষেত্ৰত অসমৰ টিকটপ্ৰত্যাশীসকলো পিছপৰি থকা নাই ৷ বিশেষকৈ শাসক দল বিজেপিৰ টিকটপ্ৰত্যাশীসকলৰ যথেষ্ট তৎপৰতা পৰিলক্ষিত হৈছে ৷

পৰৱৰ্তী নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব ? বিষয়টোক লৈ বিভিন্ন গুণাগঁথা চলিছে ৷ সমষ্টিটোৰ বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে পুনৰ প্ৰতিদ্বন্দ্বিতা নকৰিব বুলিয়েই ধাৰণা কৰা হৈছে ৷
৭৫ৰ দেওনা অতিক্ৰম কৰা বিজয়া চক্ৰৱর্তীৰ উত্তৰসূৰী কোন হ’ব– সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন ৷ প্ৰাপ্ত তথ্যমতে, গুৱাহাটী সমষ্টিত এইবাৰ বিজেপিৰ কেইবাগৰাকী আগশাৰীৰ নেতা-নেত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে ৷

তেওঁলোকৰ ভিতৰত আছে মুখ্য মন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, প্ৰাক্তন ৰাজ্যিক সম্পাদক মীৰা বৰঠাকুৰ, গুৱাহাটীৰ প্ৰাক্তন ডেপুটী মেয়ৰ বিজুলী কলিতা মেধি, সমাজ কল্যাণ পৰিষদৰ অধ্যক্ষা কৃষ্ণা বৰ্মন আদি ৷

বিশেষ সূত্ৰে জানিব পৰামতে, মীৰা বৰঠাকুৰে কালি প্ৰাৰ্থিত্ব বিচাৰি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক আবেদন দাখিল কৰে ৷ একে দিনাই বৰঠাকুৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাম মাধৱলৈকো আবেদন প্ৰেৰণ কৰে ৷
ইফালে, সূত্ৰটোৱে জনোৱা আন এক খবৰ অনুসৰি, বৰ্তমানৰ ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা-চৰ্চা কৰি আছে ৷ যদি শৰ্মাই দিল্লীৰ ৰাজনীতিলৈ সঁচাকৈয়ে যাব খোজে তেন্তে তেওঁৰ প্ৰথম পচন্দৰ লোকসভা সমষ্টিটো হ’ব গুৱাহাটী ৷

সেয়ে হ’লে গুৱাহাটীক লৈ চলিবলগীয়া টিকটৰ যুঁজখন অধিক আকৰ্ষণীয় হৈ পৰিব ৷
- Log in to post comments
- 122 views
