ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ সংগ্ৰহ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ

Pic

সমাগত ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ তিনিখন আসনৰ অংকক লৈ ব্যাপক চৰ্চা চলি থকাৰ সময়তে শুকুৰবাৰে মনোনয়ন-পত্ৰ সংগ্ৰহ কৰিলে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই।উল্লেখ্য যে ভূঞা চৰ্চাত আছে তৃতীয়খন আসনৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে।১৩ মাৰ্চ মনোনয়ন-পত্ৰ সংগ্ৰহৰ অন্তিম দিন।সেই অনুসৰি অহা ২৬মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন। ইফালে,ভূঞাৰ উপৰি বিপিএফৰ বিশ্বজিৎ দৈমাৰী আৰু নিৰ্দলীয় কাজী নেকিব আহমেদ সংগ্ৰহ কৰিছে মনোনয়ন-পত্ৰ।

Your Comments