অখিল গগৈৰ মুক্তি আৰু "কা" বাতিলৰ দাবীত শিৱসাগৰত তিনি সংগঠনৰ ধৰ্মঘট

Sib

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পতি বাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত অসম ছাত্ৰ যুৱ সন্মিলন, অনুসূচীত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। 

সংগঠন কেইটাৰ শতাধিক সদস্যই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত  মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
প্ৰতিবাদস্থলীত বিজেপি গ'বেক, নৰেন্দ্ৰ মোডী হুচিয়াৰ,অমিত শ্বাহ হুচিয়াৰ, হিমন্ত বিশ্বশৰ্মা হুচিয়াৰ, গণতন্ত্ৰ হত্যা বন্ধ কৰক, অসম চৰকাৰ হায় হায় আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্মঘটথলীত সংগঠন কেইটাই কৃষক নেতা অখিল গগৈক চৰকাৰে অতি চক্ৰান্তমূলকভাৱে বন্দী কৰাৰ কথা উল্লেখ কৰি  নেতাগৰাকীক শীঘ্ৰেই মুক্তি দিবলৈ দাবী জনায়। তদুপৰি  সংঠনকেইটাৰ বিষয়ববীয়া সকলে অহা ৭ মাৰ্চৰ সন্ধিয়া কাৰাগাৰত অসুস্থ অৱস্থাত থকা কৃষক নেতা গৰাকীৰ আশুআৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিবলৈয়ো সকলো শ্ৰেণীৰ লোকৰ প্ৰতি আহ্বান জনায়।

Your Comments