কিনকিনিয়া বৰষুণৰ মাজেৰেই শুভৰাম্ভ হ'ল মিচিং যুৱ মহোৎসৱৰ

Majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰৰ প্ৰতিবেদন :
 কিনকিনিয়া বৰষুণৰ মাজতেই এক উখল-মাখল পৰিৱেশত আজি ৰাতিপুৱা অনুষ্ঠিত পতাকা উত্তোলনেৰে সপ্তম মিচিং যুৱ মহোৎসৱৰ আনুষ্ঠানিক কাৰ্যসূচীৰ শুভাৰম্ভ হয় মাজুলী জিলাৰ জেংৰাইমুখৰ খেৰকটীয়া নৈৰ পাৰত। পুৱা ছয় বজাত চাৰি শতাধিক সেচ্চাসেৱকৰ দল তথা উদযাপন সমিতিৰ সদস্যসকলে প্ৰায় এশ বিঘা ভূমিৰ বৃহৎ খেৰকটীয়া নৈৰ পথাৰৰ মহোৎসৱথলী পৰিস্কাৰ-পৰিচ্চন্ন কৰি তোলাৰ পিছত মিচিং যুৱ মহোৎসৱৰ কেন্দ্ৰীয় উদযাপন সমিতিৰ সভাপতি একলব্য গাম,টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাংসহ অসমৰ বিভিন্ন জিলাৰ পৰা অহা পোন্ধৰখন টি এম পিকেৰ জিলা সমিতিৰ সভাপতিয়ে  আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰাৰ লগে লগেই আজিৰ পৰা চাৰিদিন ধৰি মাজুলীৰ জেংৰাইমুখত অনুষ্ঠিত হ'ব লগা সপ্তম সংখ্যক বৰ্ণাঢ্য যুৱ মহোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। Ma

টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাঙে আঁত ধৰা অনুষ্ঠানত সভাপতি ক্ৰমে একলব্য গাম আৰু ৰাজকুমাৰ মৰাংক পতাকা উত্তোলন থলীলৈ সন্মান জনাই ফ্লেগমাৰ্চ কৰি লৈ আনে জেংৰাইমুখ মহাবিদ্যালয় এনচিচি,উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় এনচিচি তথা সেচ্চাসেৱকৰ দল তথা বিভিন্ন সাংস্কৃতিক কৃষ্টি দলে। ইয়াৰ পিছত অভৰ্থ্যনা সমিতিৰ সাংস্কৃতিক দলে পৰিৱেশন কৰে সমবেত সংগীত । শিক্ষাবিদ,বিশিষ্ট স্বনামধন্য বৰেণ্য ব্যক্তি প্ৰয়াত টাবুৰাম টাইডক সুঁৱৰি শ্বহীদ তৰ্পণ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন তথা পুষ্পঞ্জলি অৰ্পণ কৰি তেওঁৰ লগতে জাতিৰ নামত জীৱন উচৰ্গা কৰা প্ৰতিগৰাকী বৰেণ্য ব্যক্তিৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জ্ঞাপন কৰে টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰা, মিচিং যুৱ মহোৎসৱ কেন্দ্ৰীয় সমিতিৰ সভাপতি একলব্য গামে । ইয়াৰ পিছত  পৰম্পৰাগত  খাদ্যমেলা অনুষ্ঠানৰ দ্বাৰ উন্মোচন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই । হস্ততাঁত বস্ত্ৰ শিল্পৰ মেলা উন্মোচন কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ইন্দিৰা চিন্তে কুম্ভাঙে। বিয়লি দুই বজাত বিশিষ্ট সাহিত্যিক স্বৰ্গীয় চেঙাৰাম মৰাং স্মৃতি সোঁৱৰণি মূল মুকলি মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰে বৰপমুৱা হাইস্কূলৰ অৱৰপ্ৰাপ্ত প্ৰধান শিক্ষক,সমাজ কৰ্মী যতীন্দ্ৰনাথ পেগুৱে । মাজুলীৰ সাংস্কৃতিক দলে পৰিবেশন কৰা আৰম্ভণি গীতৰ পিছত অসমৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক  ঢুলীয়া, অৰ্ধশতাধিক তালিয়া তথা এক সহস্ৰাধিক নাচনীয়ে একেলগে মূল মঞ্চত পৰিৱেশন কৰা গোমৰাগ নৃত্য, ঐনিঃতমৰ সুৰত এক লহৰ সৃষ্টি কৰাই নহয় সমগ্ৰ মহোৎসৱৰ বাকৰি কপি উঠে । মিচিং জাতীয় সাজপাৰ পৰিধান কৰি কৰা জাতীয় নৃত্যই এক অন্যন্য পৰিৱেশো সৃষ্টি কৰে । প্ৰায় ত্ৰিশ মিনিটজোৰা এই গোমৰাগ নৃত্যৰ অনুষ্ঠানে সকলো দৰ্শকক মুগ্ধ কৰি ৰাখে । ইয়াৰ পিছত  মুকলি মঞ্চত মিচিং লোক সাংস্কৃতিক ক্ৰমে কঃনিনাম, কাবান,ঐ নিঃতম, চেল্লয়া নৃত্য, লেৰেলী নৃত্য, ৰাকটুপ আদি বিভিন্ন সাংস্কৃতিক বিষয়ৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইপিনে আন এখন মঞ্চত প্ৰয়াত অধ্যাপক টাবুৰাম টাইদৰ জীৱন আৰু কৰ্ম সংস্কৃতি শীৰ্ষক বিষয়ক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড' ডম্বোধৰ নাথে সঞ্চালনা কৰা  উক্ত আলোচনা চক্ৰ অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট ভাষাবিদ নাহেন্দ্ৰ পাদুনে ।

Mmঅনুষ্ঠানত আলোচক হিচাপে ড' ৰাজীৱ দলে,ড' সদানন্দ পায়েং, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া টংকেশ্বৰ মালাকাৰ,ড' দীপক কুমাৰ দলে,মিচিং স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সূনীল কুমাৰ পেগুৱে উপস্হিত থাকি শিক্ষাবিদ টাবুৰাম টাইদে বৃহত্তৰ অসমীয়া জাতিলৈ  ভাষা,সাহিত্য,তথা সাংস্কৃতিক ক্ষেত্ৰলৈ
দি থৈ যোৱা অনবদ্য অৱদানৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত জীৱনকালত তেওঁক যথোচিত সন্মান দিয়া নহ'ল বুলি প্ৰকাশ কৰে। অনুষ্ঠানত আঁত ধৰে মিচিং আগম কেবাংৰ সহকাৰী সাধাৰণ সম্পাদক ড' অনিল কুমাৰ পেগুয়ে। উল্লেখ্য যে মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নৈৰ পাৰত অনুষ্ঠিত হোৱা সপ্তম সংখ্যক মিচিং যুৱ মহোৎসৱক সম্পূৰ্ণৰূপে প্লাষ্টিকমুক্ত হিচাপে গঢ়ি তোলা হৈছে। গতানুগতিক মঞ্চৰ সলনি কেৱল বাঁহেৰে ব্যতিক্ৰমী মঞ্চ সাজি উলিওৱা হৈছে । ৰংগবিৰং ফুলদানিৰ সলনি মিচিং জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন ঘৰুৱা সামগ্ৰী তথা কৃষি সজুলিক ফুলদানি হিচাপে ব্যৱহাৰ কৰাটো এই মহোৎসৱৰ এক ইতিবাচক দিশ। বিভিন্ন জাতি- জনগোষ্ঠীৰ বস্ত্ৰ মেলা, বিভিন্ন বিভাগৰ  প্ৰদৰ্শন মেলা, খাদ্য মেলা আদিয়ে মহোৎসৱৰ এইবাৰৰ কাৰ্যসূচীক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে । তদুপৰি প্ৰতিনিধি শিৱিৰসমূহ বিভিন্ন দলীয় তথা একক প্ৰতিযোগীসকলে চলাই থকা প্ৰস্তুতিৰ ঢোল, নৃত্য তথা ঐ নিঃতমৰ শব্দত মুখৰিত হৈ পৰিছে । নিশালৈ অনুষ্ঠিত হোৱা একাংকিকা নাট প্ৰতিযোগিতাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে। ইপিনে কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে পূৱা দহ বজাত মিচিং লোক সংস্কৃতিৰ প্ৰতিযোগিতা,যোৰহাট জেবি কলেজৰ অধ্যাপক মানিক শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ'ব কবি সন্মিলন । কবি প্ৰাঞ্জল প্ৰতীম বৰাই মুকলি কৰিব লগা এই কবি সন্মিলনত অসমৰ প্ৰায় অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰিব। বিয়লি ভাগত বাদ্যযন্ত্ৰ বাদকৰ মাজত বাদ্য বজোৱা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

 ইপিনে মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বানে কেবাঙে আলি আয়ে লৃগাং অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান বন্ধ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিচিং আৰ্টিষ্ট এচ'চিয়েছন চমুকৈ মা নামৰ সাংস্কৃতিক সংগঠনে । সভাপতি সন্জু দলে আৰু সম্পাদক ফিৰোজ পেগুৰ যুটীয়া স্বাক্ষৰিত এক বিবৃতিত কয় কৃষি ভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাংৰ লগত সংগতি ৰাখি পূৰ্বৰে পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। কিন্তু শেহতীয়াকৈ মিচিং বানে কেবাঙে এই সাংস্কৃতিক অনুষ্ঠানক বাদ দিয়াৰ বিৰুদ্ধে ইতিমধ্যে মা'ই গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী হিচাপে সপ্তম মিচিং যুৱ মহোৎসৱৰ কাৰ্যসূচীত কোনো শিল্পী,কলা-কোশলীক  অংশগ্ৰহণ নকৰিব আহ্বান জনোৱাৰ লগতে গীত, নৃত্য, বাদ্য পৰিৱেশৰ পৰা বিৰত থাকিবলৈয়ো আহ্বান জনাইছে সাংস্কৃতিক সংগঠনটোৰ সভাপতি সন্জু দলে আৰু সম্পাদক ফিৰোজ পেগুৱে ।

Your Comments