গোলাঘাটত ৰাজ্যিক শিশু সুৰক্ষা দিৱস উদযাপন

Golaghat

গোলাঘাট : 
অসমৰ অন্যান্য ঠাইৰ লগতে গোলাঘাটতো বুধবাৰে উদযাপন কৰা হয় ৰাজ্যিক শিশু সুৰক্ষা দিৱস। গোলাঘাট জিলা প্ৰশাসন আৰু শিশু সুৰক্ষা গোটৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা দিৱসটিত আৰম্ভণিতে বিভিন্ন বিভাগৰ মূৰব্বী সকলে শিশু সুৰক্ষা আৰু অধিকাৰৰ অংগীকাৰেৰে শপত বাক্য পাঠ কৰে। অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰী নাৰায়ণ কুৰী,সহকাৰী আয়ুক্ত ড° টিংকুমণি বৰা,দেৰগাঁৱৰ সংলগ্ন চক্ৰ বিষয়া মনিষ ভঁৰালী ,বিদ্যালয়ৰ অধ্যক্ষা ড° জুৰি ডেকা , জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰ,জিলা শিশু কল্যাণ সমিতিৰ সদস্য ডেভিদ কেৰৰ্কেটাৰ লগতে বহুকেইজন গণ্য - মান্য ব্যক্তি উপস্থিত আছিল। দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী আৰু অংগনবাড়ীৰ শিশু সকলৰ মাজত বিভিন্ন উপহাৰ সামগ্ৰীৰো বিতৰণ কৰা হ'য়।

Your Comments