নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদনঃ
পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ বাহঁজানী গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ জানিগোগত আজি শিৱ মন্দিৰৰ সভাগৃহৰ আৰু জানিগোগ সাৰাপাৰাত ৰাজহুৱা পুখুৰীৰ খটখটিৰ আধাৰশিলা স্থাপন কৰা হয়। আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে স্থানীয় পঞ্চায়ত সভানেত্ৰী তথা জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য আৰতি বৈশ্যই। অনুষ্ঠানত স্থানীয় আঞ্চলিক পঞ্চায়তৰ সদস্য হিতেশ তালুকদাৰ,পঞ্চায়ত সচিব বিনিয় গোস্বামী,গ্ৰাম ৰোজগাৰ সহায়ক গুণেশ্বৰ বেজবৰুৱা,বিজেপি নেতা দীপক শৰ্মা, ডিম্বেশ্বৰ বৈশ্য সহ বহু সংখ্যক ৰাইজ উপস্থিত থাকে। আধাৰশিলা স্থাপন কৰি পঞ্চায়ত সভানেত্ৰী আৰতি বৈশ্যই কয় যে বিজেপি চৰকাৰ আৰু বপঞ্চায়ত প্ৰতিনিধি সকলোৱে ৰাইজৰ কাম কৰি আছে আৰু কৰি যাব। মাথো উন্নয়ন মূলক কামত ৰাইজৰ সহযোগিতা প্ৰয়োজন বুলিও তেওঁ দোহাৰে।
- Log in to post comments
- 11 views