হাজোৰ কুলহাটীৰ শ্ৰী শ্ৰী বনবেৰীয়া থানত দৌল উৎসৱৰ আয়োজন

Doul

হাজোৰ পৰা কমলাকান্ত দাসৰ প্ৰতিবেদন : 
হাজো ৰাজহ চক্ৰৰ কূলহাটী বালাদিয়া পথাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰী বনবেৰীয়া থানত অহা ৯ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে।সেই উপলক্ষে নগেন্দ্ৰ নাথ দাসক সভাপতি,শম্ভুৰাম দাসক কাৰ্যকৰী সভাপতি,ভৱেশ দাসক সম্পাদক, ডিম্বেশ্বৰ দাসক সহকাৰী সম্পাদক আৰু পৰেশ চন্দ্ৰ দাসক কোষাধ্যক্ষ হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰিছে।কাৰ্যসূচী অনুসৰি প্ৰথম দিনা দিনা পুৱা ন বজাত প্ৰাক্তন অধ্যক্ষ গনেশ চন্দ্ৰ দাস,শম্ভুৰাম দাস আৰু মহেশ চন্দ্ৰ দাসে বন্তি প্ৰজ্বলন কৰি দৌল উৎসৱৰ শুভাৰম্ভ কৰিব।ইয়াৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰিব কূলহাটী গাওঁ উন্নয়ন সমিতিৰ সভাপতি মনোমোহন দাসে আৰু বনবেৰীয়া থানৰ পতাকা উত্তোলন কৰিব নগেন্দ্ৰ নাথ দাসে।পুৱা দহ বজাৰ পৰা ভাগৱত পাঠ কৰিব মুনিন্দ্ৰ দাসে।দিনৰ বাৰ বজাৰ পৰা আই সকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হ'ব ।বিয়লি দুই বজাত মহা ভোগ বিতৰণ আৰু সন্ধিয়া ধৰ্মেশ্বৰ দাস(থানৰ ভূমি দাতা) মহেশ দাস(বনবেৰীয়া থানৰ সেৱক) আৰু হৰিকান্ত দাসে(বনবেৰীয়া থানৰ সেৱক)বন্তি প্ৰজ্বলন কৰিব।

Your Comments