বিশ্বৰ ২৭খন দেশৰ পৰা বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংগ্ৰহ কৰি চৰ্চাত চৰাইদেউৰ যুৱক অংকুৰ গগৈ

Sonari

চৰাইদেউৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :
চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ উদীয়মান যুৱক অংকুৰ ৰাজ গগৈয়ে বিশ্বৰ ২৭ খন দেশৰ পৰা অৰ্কিড সংগ্ৰহ কৰি ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান। অসম তথা বিশ্বৰ ২৭ খন দেশৰ পৰা ইতিমধ্যে প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে উচ্চ শিক্ষিত যুৱক অংকুৰ ৰাজ গগৈ। ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত নিয়োজিত হৈও গাঁঠিৰ ধন ভাঙি বিভিন্ন প্ৰান্তৰ পৰা অৰ্কিড সংগ্ৰহ কৰাৰ লগতে এটা অৰ্কিড গৱেষণাগাৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখা অংকুৰ ৰাজ গগৈয়ে ২০১০ চনত দশম শ্ৰেণীত পঢ়ি থাকোঁতেই আৰম্ভ কৰিছিল অৰ্কিড সংগ্ৰহৰ এই ব্যতিক্ৰমী পদক্ষেপ। জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা আজিৰ এই সময়ত বিলুপ্তিৰ গৰাহত পৰা কিছু দুষ্প্ৰাপ্য অৰ্কিড সংগ্ৰহ কৰি সংৰক্ষণ কৰা কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয় হিচাপে বিবেচিত হৈছে।

Your Comments