কমলাকান্ত দাসৰ বিশেষ প্ৰতিবেন :
'চিনাকি কন্ঠ' নামৰ ফেচবুক পেজটিযে অসমৰ জনপ্ৰিয় সংগীত শিল্পী,যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে যোৱা ১৪ নৱেম্বৰৰ পৰা১৮ নৱেম্বৰলৈ এক সংগীত প্ৰতিযোগিতাৰ অায়োজন কৰিছিল। কোনো ধৰনৰ বাদ্যযন্ৰ সংগত নকৰাকৈ জুবিন গাৰ্গৰ যি কোনো গীতৰ চেল্ফী ভিডিঅ' "চিনাকি কন্ঠ"লৈ পঠিয়াইছিল অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক কন্ঠশিল্পীয়ে। পেজটিৰ নিয়ম মতে যি গৰাকী শিল্পীয়ে সৰ্বাধিক লাইক, কমেণ্ট, শ্বেয়াৰ অাৰু ভিউ পাৱলৈ সক্ষম হয়, তেওঁক প্ৰতিযোগিতাৰ বিজয়ী ঘোষণা কৰা হ'বা।২১নৱেম্বৰৰ ফলাফল অনুযায়ী ঢকুৱাখানাৰ বৰ্ণালী সন্দিকৈ প্ৰথম,ধেমাজিৰ দিগন্ত ফুকনে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।যোৱা ১ মাৰ্চত গুৱাহাটীৰ জু-ৰোড তিনিঅালি(জোনালীত)এই বঁটা প্ৰদান অনুস্থানটি অনুস্থিত হৈ যায়। বৰ্ণালী সন্দিকৈক বঁটা প্ৰদান কৰে অসমৰ জনপ্ৰিয় সংগীত শিল্পী বিকাশ বৰুৱা'ই।অানহাতে মিছন ছাইনাৰ পিতাৰ খ্যাত ছাব্বিৰ চৌধুৰীয়ে দিগন্ত ফুকনক বঁটা প্ৰদান কৰে।উল্লেখ্য যে 'চিনাকি কন্ঠ' ফেচবুক পেজটিৰ এডমিন হ'ল জনপ্ৰিয় গীতিকাৰ ,সুৰকাৰ,তথা কন্ঠশিল্পী ৰিকু ৰাজ। প্ৰতিযোগীতাখনি অনুস্থিত কৰাত বিশেষ সহায় অাগবঢ়াই কন্ঠশিল্পী নিলুফাৰ নাচৰিণ অাৰু দিলিপ কাশ্যপে।প্ৰতিযোগিতাৰ বঁটাসমুহ অাগবঢ়াই ছাব্বিৰ চৌধুৰী অাৰু সংগীত শিল্পী নুৰুল হুছেইনে।
- Log in to post comments
- 31 views