নৰেন শৰ্মা,বাহাৰঘাট :
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাওঁ নিবাসী তথা অসম আৰক্ষীৰ কামান্ডো বাহিনীৰ জোৱান কনক বৰ্মণ(৫৩)ৰ কালি সন্ধিয়া আকস্মিকভাৱে মৃত্যু হোৱাত বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। আৰক্ষীৰ বিশেষ নিৰাপত্তা বিভাগত কৰ্মৰত বৰ্মণে কালি দিনৰ ভাগত ঘগ্ৰাপাৰৰ এটা পৰিয়ালত এক মাংগলিক অনুষ্ঠানত ভাগ লৈ থকাৰ সময়তে হঠাতে মাটিত ঢলি পৰে। ততাতয়াকৈ নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয় যদিও উচ্চৰক্তচাপজনীত ৰোগত আক্ৰান্ত হোৱা বৰ্মণৰ উক্ত চিকিৎসালয়খনতে মৃত্যু হয়। তেওঁৰ মৃত্যুত ঘগ্ৰাপাৰৰ বিভিন্ন দল -সংগঠনৰ লগতে ঘগ্ৰাপাৰ প্ৰেছ ক্লাব,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ ঘগ্ৰাপাৰ শংকৰদেৱ নাম ঘৰ, শংকৰদেৱৰ মৰ্ডান একাডেমী,পূৱ নলবাৰী সাৰ্বজনীন দূর্গা পূজা সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ মৃত্যুৰ সময়ত কনক বৰ্মণে পত্নীসহ দুই পুত্ৰৰ লগতে অনেক গুণ মুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।
- Log in to post comments
- 36 views