সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী জিলা সমিতি গঠন

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এখন প্ৰতিনিধি সভা দেওবাৰে কামৰূপ জিলাৰ দদৰাস্থিত লখিমী হোটেলৰ সভাকক্ষত অনুষ্ঠিত হয়।দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ- সভাপতি নৰেন্দ্ৰ কুমাৰ দাসে।পৰিষদৰ বিত্ত সম্পাদক হৰমোহন বৈশ্যই আঁঁত ধৰা সভাত উপস্থিত থাকি পৰিষদৰ কেন্দ্ৰীয়  সভাপতি বিৰাজ কুমাৰ তালুকদাৰে কয়  যে বিগত বৰ্ষৰ জুলাই মাহত গঠন হোৱা সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অসমৰ গ্ৰামাঞ্চলৰ ৰাইজ তথা যুৱক-যুৱতীসকলক অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়াটোৱে হ'ল প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।তেওঁ আৰু কয় যে  গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'লেহে সমাজখন আগুৱাই যাব পাৰিব।তেওঁ সংগঠনটোক আগুৱাই নিয়াৰ স্বাৰ্থত অসমৰ প্ৰতিখন জিলাত শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে ইতিমধ্যে জিলা সমিতিসমূহ গঠন কৰা বুলি উল্লেখ কৰে।সভাত উপস্থিত থাকি সাধাৰণ সম্পাদক চয়বুৰ ৰহমান,উপ-সভাপতি মফিদুল ইছলামে নতুনকৈ গঠিত এই জাতীয় সংগঠনটোৱে ৰাইজৰ সৰ্বাঙ্গীণ উন্নয়নৰ  ক্ষেত্ৰত কাম কৰি যাবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে।অসমৰ জাতীয় সত্বাক জীয়াই ৰখাৰ স্বাৰ্থত সংগঠনৰ সকলো সদস্যই সভাখনতে প্ৰতিজ্ঞাবদ্ধ হয়।তদুপৰি,এই সভাতে কেইবাগৰাকী সদস্যই নিজ-নিজ মতামত দাঙি ধৰে।সভাৰ অন্তত সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ কুমাৰ দাসক সভাপতি আৰু ৰাজীৱ বৰুৱাক সম্পাদক হিচাপে লৈ একৈশ জনীয়া পৰিষদৰ গুৱাহাটী জিলা সমিতিখন গঠন কৰে।
 

Your Comments