নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত শনিবাৰে ড০ নৰেন কলিতা সাহিত্য-কলা-সংস্কৃতি ন্যাসৰ উদ্যোগত গ্ৰন্থ উন্মোচন আৰু বক্তৃতানুষ্ঠানেৰে ড:নৰেন কলিতাৰ ওপজা দিনটো উলহমালহেৰে পালন কৰে।বাঁহীবাদক তথা ভাস্কৰ্যবিদ অশ্বিনী শৰ্মাৰ বাঁঁহীবাদনেৰে মঞ্চ মুকলি।কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে ড০।নৰেন কলিতাৰ ৮০সংখ্যক জন্মদিনটোত শুভেচ্ছা জ্ঞাপন কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দৰ্প ডেকা, নগাঁও জিলা সাহিত্য সভা,কলং কলা কেন্দ্ৰ,আনন্দৰাম বৰুৱা ভাষা-কলা-কৃষ্টি সংস্থা ,গুৱাহাটী আৰ্টিষ্ট গীল্ড,অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফট চছাইটি,নগাঁও ফাইন আৰ্টছ ছ'চাইটি,ভিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠান, নগাঁও লেখিকা সমাৰোহ সমিতি, শসন্ধানী সাহিত্য সমাজ,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোট,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সতীৰ্থ সংগম, স্নেহবন্ধন, শ্ৰীমন্ত শঙ্কৰ মিছন,নগাঁৱৰ সদৌ অসম গ্ৰাম্য পুথিভড়াল সন্থা,বৰদোৱাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান, 'কলংপাৰ' কাকত,পুৰণিগুদামৰ লেটুগাম সত্ৰ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ এডিপি কলেজ গোট,নগাঁও জিলা কবি সন্মিলন, কলিয়াবৰ শিক্ষা মহাবিদ্যালয়, পান্থতৰু সংৰক্ষণী অসমৰ বুবুল শৰ্মা আৰু ধন শৰ্মা,যোৰহাটৰ ভাস্কৰ্যবিদ ত্ৰিদিৱ দত্তৰ দৰে বহু সংগঠন আৰু ব্যক্তিৰ লগতে ড: কলিতাৰ নাতি মেঘা, পৰি আৰু ঋষভে।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কৰৱী ডেকা হাজৰিকাই ড: কলিতাৰ কৰ্মৰাজিৰ বিশদ বিৱৰণ দাঙি ধৰে।আন এগৰাকী অতিথি ড০ কন্দৰ্প কুমাৰ ডেকাই নতুন প্ৰজন্মৰ প্ৰতি আক্ষেপ কৰি কয় যে আজিকালি ছাত্ৰ-ছাত্ৰীসকলে গৱেষণা কৰিবলৈ একেবাৰে প্ৰচলিত আৰু সহজ বিষয়বোৰৰ প্ৰতিহে বেছি আগ্ৰহী।তাতকৈ তেওঁলোকে যদি ড০ নৰেন কলিতাই অসমৰ সাহিত্য-কলা-সংস্কৃতিৰ বাবে কৰি ইতিমধ্যে কৰি থোৱা কামবোৰক গৱেষণাৰ বিষয় হিচাপে বাচি ল'লে বেছি ফলপ্ৰসূ হ'ব বুলি পৰামৰ্শ আগবঢ়ায়।এই সভাতে ড০ কলিতাৰ নগাঁও,সাংস্কৃতিকি-এক, শিল্পালোচনা,আহাৰ্য অভিনয় আৰু অঙ্কীয়া ভাওনা শীৰ্ষক গ্ৰন্থ চাৰিখন উন্মোচন কৰে ক্ৰমে সভাখনৰ সভাপতি সাহিত্য সমালোচক প্ৰভাত বৰা,ড০ কন্দৰ্প কুমাৰ ডেকা,ড০ কৰৱী ডেকা হাজৰিকা আৰু আনন্দৰাম বৰুৱা ভাষা-কলা-কৃষ্টি সংস্থাৰ সঞ্চালক ড০ দিলীপ কুমাৰ কলিতাই।ভাষণ প্ৰসঙ্গত ড০ দিলীপ কুমাৰ কলিতাই ডঃ নৰেন কলিতাৰ সৃষ্টিৰাজিক অধিক গতিশীলতা দিবলৈ ভৱিষ্যতে কোনো আগহী ছাত্ৰ-ছাত্ৰীয়ে যদি ডঃ কলিতাৰ কৰ্মৰাজি সন্দৰ্ভত গৱেষণামূলক কাম কৰিবলৈ বিচাৰে,তেনে ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে 'আবিলেক'ৰ তৰফৰ পৰা।মুখ্য বক্তা হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ অধ্যাপিকা তথা কলা সমালোচক ড০ মৌচুমী কন্দলিয়ে ডঃ কলিতাৰ সৃষ্টিকৰ্মত ভাষাৰ মাধুৰ্য,কলা-সংস্কৃতিৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধা,গৱেষণাৰ গভীৰতা আদি বিভিন্ন দিশত শ্ৰুতিমধুৰ বিশ্লেষণ আগবঢ়ায়।শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট চিত্ৰশিল্পী ড০ ৰাজকুমাৰ মজিন্দাৰে ভাষণ প্ৰসঙ্গত বৰ্তমান সকলোতে গঠন হোৱা ন্যাসসমূহৰ কাম-কাজসমূহ একঘেয়ামি হোৱাৰ বিপৰীতে কৰ্মৰাজিক ডিজিটেল মাধ্যমৰ জৰিয়তে সহজে পাঠকৰ কাষলৈ নিব পৰা ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।অসমীয়া, সংস্কৃত আৰু ইংৰাজীৰ দৰে তিনিওটা ভাষাতে দখল থকা পণ্ডিত ড০ নৰেন কলিতাৰ জ্ঞানৰ উচ্চতা আইফেল টাৱাৰৰ সৈতে তুলনা কৰি তেওঁক অসমৰ এটা উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰে সভাপতিৰ ভাষনত সাহিত্য সমালোচক প্ৰভাত বৰাই। উল্লেখযোগ্য যে ন্যাসৰে প্ৰচাৰ সম্পাদক তথা আলোকচিত্ৰ শিল্পী নৃপেন শইকীয়াই নিৰ্মাণ কৰা ড০ নৰেন কলিতাৰ জীৱনৰ আধাৰত নিৰ্মিত এখন তথ্যচিত্ৰও এই অনুষ্ঠানতে প্ৰদৰ্শন কৰাৰ লগতে সাঁচিপাতত হেঙুল হাইতালেৰে পৰম্পৰাগত চিত্ৰ অঙ্কণ কৰে চিত্ৰশিল্পী হৰিনাৰায়ণ কোঁৱৰ, চিত্তৰঞ্জন বৰা, বিদ্যুত নাথ, কংকনা কোঁৱৰ আৰু কেনভাচত এক্ৰিলিক মাধ্যমেৰে চিত্ৰ অঙ্কন কৰে বিশিষ্ট চিত্ৰশিল্পী আমিনুল হক, কিশোৰ কুমাৰ দাস, গকুল ছেত্ৰী, প্ৰণৱ শৰ্মা, লক্ষ্যজিত বৰা, প্ৰতীক যাদৱে। উল্লেখযোগ্য যে চিত্ৰশিল্পীসকলে কৰা এই সকলো শিল্পকৰ্ম সাহিত্য-কলা-সংস্কৃতিৰ সাধক ড০ নৰেন কলিতাক অনুষ্ঠানৰ শেষত ওপজা দিনৰ শুভেচ্ছা জনাই উপহাৰ হিচাপে প্ৰদান কৰি থৈ যায়।
- Log in to post comments
- 53 views