কোটালকুছি জয় জগন্নাথ মন্দিৰৰ দুশ বছৰীয়া জয়ন্তী উৎসৱৰ লাইখুঁটা স্থাপন

Pic

নৰেন শৰ্মা,বাহাৰঘাট: নলবাৰী জিলাৰ কোটালকুছি শ্ৰীশ্ৰীজয় জগন্নাথ মন্দিৰৰ দুশ বছৰীয়া জয়ন্তী উৎসৱৰ লাইখুঁটা দেওবাৰে আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়।লাইখুঁটা স্থাপন কৰে বিশিষ্ট নাগৰিক চন্দ্ৰ ধৰ কলিতাই।লাইখুঁটা স্থাপন কৰি কলিতাই অহা ১৯ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া দুশবছৰীয়া জয়ন্তী উৎসৱত ৰাইজৰ সহায়-সহযোগ কামনা কৰে।অনুষ্ঠানত উপষ্ঠিত থাকি উৎসৱৰ মুখ্য সম্পাদক ডাঃ বিপিন চন্দ্ৰ কলিতাই উৎসৱ সুচাৰুভাৱে পালন কৰিবলৈ উপষ্ঠিত ভক্তপ্ৰাণ ৰাইজক আহ্বান জনায়।উল্লেখ্য যে দুশ দহ বছৰীয়া শ্ৰীশ্ৰীজয় জগন্নাথ মন্দিৰটোৰ এইবাৰ দুশ বছৰীয়া জয়ন্তী উৎসৱ উদযাপন কৰাৰ ব্যাপক আয়োজন কৰা হৈছে।দুশ বছৰীয়া অনুষ্ঠানটোত মূল পতাকাৰ লগতে দুশ নখন পতাকা উত্তোলন কৰা হ'ব।ইয়াৰ উপৰি বৃক্ষৰোপণ,স্মৃতি তৰ্পণ,ৰচনা প্ৰতিযোগিতা, আকৰ্ষণীয় শশোভাযাত্ৰা, জী-জোৱাই সন্মিলন, ধৰ্মালোচনা সভা, মুকলি সভা,সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব।প্ৰায় ১৩ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত কৰিব লগীয়া উক্ত উৎসৱত এক লাখ ভক্তক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে উদ্যোক্তাসকল।আনহাতে,উক্ত দুশ বছৰীয়া অনুষ্ঠানৰ লগত সংগতি ৰাখি কোটালকুছি যজ্ঞস্থলীত এইবাৰ ১৯ সংখ্যক শতচণ্ডী যজ্ঞৰো আয়োজন কৰা হৈছে।

Your Comments