"প্ৰমোদ বড়ো একে ৰাতিতে ৰত্নাকৰৰ পৰা বাল্মিকী হ'বলৈ নোৱাৰে":নৱ শৰণীয়া

Pic

"বিপিএফৰ কর্মী খাইৰুল হ'কৰ হত্যাকাণ্ডত পাৰ্টীৰ মানুহ জড়িত আছে।বিটিআৰ দখল কৰাৰ বাবে স্থানীয় কর্মীজনক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে"-বিস্ফোৰক অভিযোগ কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ।পূৰ্বৰ বিটিচি বৰ্তমান বিটিআৰ হোৱাৰ ভয়ত হাগ্ৰামাই খাইৰুলক নৱ শৰণীয়াই হত্যা কৰা বুলি মিছা অভিযোগ জাপি দি ক্ষমতা দখলৰ ব্লু-প্ৰিন্ট ৰচনা কৰা বুলি উল্লেখ কৰি সাংসদ শৰণীয়াই কয়-"হাগ্ৰামাৰ  ওচৰত মই হত্যা কৰাৰ কিবা তথ্য আছে যদি    ৰাজহুৱা কৰক।বিটিআৰ চুক্তিৰ এমাহ    সম্পপূৰ্ণ  নৌহওতেই এনে ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক।পূৰ্বৰ অনুমান অনুসৰি আগন্তক বিটিচি নিৰ্বাচন ৰক্তক্ষয় হোৱাৰ সম্ভাৱনা আছে।সমগ্ৰ ঘটনাৰ তদন্ত চিবিআইক দিব লাগে।"

উল্লেখ যে দিছপুৰ প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদ মেলখনত শৰণীয়াই খাইৰুলৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰু কয়-"মোবাইলেৰে মাতি শূূূন্য দূৰত্বৰ পৰা হত্যা কৰা হৈছে।হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছত ৯৯৯৪ নম্বৰৰ এখন স্কুটী ওলাই যোৱা বুলি ৰাইজে দাবী কৰিছে।ইমান তথ্য থকাৰ পিছতো  দুৰ্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰাতো বিপিএফ কর্মীৰ বাবে দুৰ্ভাগ্যজনক।"

"বিটিচি নিৰ্বাচনত শাসক যে হাৰিব,সেয়া নিশ্চিত।১৬ জন প্ৰাৰ্থীৰ এজনো জিকিব নোৱাৰে লিখি ৰাখক"-শৰণীয়াই কয়।

নৱ শৰণীয়াক মানুহে কিমান বিশ্বাস আৰু ভাল পায় হাগ্ৰামাই জনা নাছিল বুলি উল্লেখ কৰি সাংসদ শৰণীয়াই কয়-"ভোটৰ বাবে অবড়োক সূতা-কম্বল বিলাইছে।আমাৰ বাবে এয়া শুভ-লক্ষণ।"

"প্ৰমোদ বড়ো একে ৰাতিতে ৰত্মাকৰৰ পৰা বাল্মিকী হ'বলৈ নোৱাৰে।পৰিৱৰ্তনৰ নামত কেৱল এতিয়া গাদী ল'ব পৰা অৱস্থা নাই। বৰ্তমান ৪০টা সমষ্টিত অকলে নিৰ্বাচনত অৱৰ্তীণ হ'ব গণ সুৰক্ষা সমিতি"-সাংসদ শৰণীয়াই কয়।

"অনুপ চেতিয়া,মিথিংগা দৈমাৰী আদি কৰি বহুসংখ্যক এতিয়া হাগ্ৰামাৰ বহতীয়া।বিটিচিৰ ৰাইজে নিজৰ জীৱনৰ সুৰক্ষাৰ বাবে নৱ শৰণীয়াক ভগৱানৰ দৰে পাইছে।ৰাইজে ভোট দিয়ক আৰু নিজৰ অধিকাৰ কাঢ়ি আনক"- শৰণীয়াই ৰাইজক আহ্বান জনায়।

"কেৱল গড়কাপ্তানী বিভাগতে বিটিচিত ৩৬০০ কোটি টকাৰ দুৰ্নীতি হৈছে।হাগ্ৰামাক যিয়ে বচাব যাব তেওঁ একেডাল ফাঁচীত যাব"- শৰণীয়াই।

বিটিআৰ চুক্তিয়ে পণবন্দী কৰাৰ বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়-"নিৰ্বাচনত তিনিটা সমষ্টিত হাগ্ৰামা আৰু তিনিটাত বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব।বাকী  ইউপিপিএলৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব।যদিহে এনডিএফবিৰ চাৰিটা গোট ইউপিপিএলত থাকে।"

"নিৰ্বাচনত গণ সুৰক্ষা সমিতিয়ে শাসনৰ দায়িত্ব লাভ কৰিলে বড়ো-অবড়ো সমস্যাৰ স্থায়ী সমাধান কৰাৰ লগতে ২০০৩ চনৰ বিটিচি চুক্তিৰ সময়ত যিসকল লোক আছিল, সকলোকে মাটিৰ পত্তা দিয়া হ'ব।"

দিছপুৰ প্ৰেছ ক্লাৱত সোমবাৰে সম্বোধন কৰা সংবাদ মেলখনত উপস্থিত থাকে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্ত।

Your Comments