বাজপেয়ীৰ চিতাভস্মক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ তৰুণ গগৈৰ

বাজপেয়ীৰ চিতাভস্মক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ তৰুণ গগৈৰ

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ নতুন গৃহত আজি এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলখনত গগৈয়ে বিজেপি চৰকাৰৰ কথা উল্লেখ কৰি কয় যে বিজেপি চৰকাৰৰ অভ্যন্তৰণত আৰম্ভ হৈছে গৰাখহনীয়া ।

বিজেপি চৰকাৰখনে অটল বিহাৰী বাজপেয়ীৰ চিতাভস্মক লৈ ৰাজনীতি কৰিছে বুলিও তেওঁ অভিযোগ আনে । বিজেপি চৰকাৰখনে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যুক লৈ ৰাজনীতি কৰি মুনাফা লাভ কৰাৰ যি চিন্তা কৰিছে সেয়া কোনো কাৰণতে সম্ভৱ নহ’ব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে, বিগত চাৰিটা বছৰত প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীক এবাৰো মনত ৰখা নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । গগৈয়ে কয়- চৰকাৰখনে সোণৰ দাম কমিব, বস্তুৰ দাম কমিব বুলি নিৰ্বাচনৰ আগতে কোৱা একো কথাই এতিয়া ফল ধৰা দেখা নাই ।

সেয়েহে চৰকাৰখনে দিয়া আশ্বাসবোৰ ভুৱা আছিল আৰু এই চৰকাৰখন মিছলীয়া চৰকাৰ বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰী কৰে । এই চৰকাৰখন কেৱল বিজ্ঞাপন আৰু ফটোতহে আছে কিন্তু কামত একো নাই বুলিও তেওঁ অভিযোগ আনে ।

আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে তেওঁলোকে নিজকে কৃষ্ণ বুলি ভাবে, যাৰবাবে সকলোতে কেৱল তেওঁলোক দুজনৰহে ফটো দেখা পোৱা যায় ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উত্থাপন কৰি কয় যে নৰেন্দ্ৰ মোডীয়ে কেতিয়াও ৰাস্তা বেয়া নে ভাল গম নাপায় ৷ কাৰণ তেওঁ কেতিয়াও হেলিকপ্টাৰৰ বাদে ৰাস্তাৰে অহা-যোৱা কৰি পোৱা নাই ।

লগতে তেওঁ সোণোৱাল চৰকাৰখন কেৱল মেলা পতা চৰকাৰ বুলিও মন্তব্য কৰে । দুটা বছৰত নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক, এডভাণ্টেজ আছাম পতাৰ নামত চৰকাৰখনে কিমান টকা খৰচ কৰিলে তাৰ হিচাপ সকলোকে দিব লাগে আৰু অসমৰ মানুহে মেলা পাতিবলৈ তেওঁলোকক ভোট দিয়া নাছিল বুলিও গগৈয়ে কয় ।

এন আৰ চিৰ প্ৰসংগৰে তেওঁ কয় যে অসমৰ লোকে এন আৰ চিৰ নামত এনেইহে দেহেকেহে  খাটিলে ৷ কাৰণ এই চৰকাৰখনে এন আৰ চিত বিদেশীক স্বদেশী আৰু স্বদেশীক বিদেশী কৰিবলৈ ধৰিছে ।

অমিত শ্বাহৰ বিষয়ে মন্তব্য কৰি গগৈয়ে কয় যে অমিত শ্বাহৰ ইমান সাহস যে অসমৰ স্বদেশীক বিদেশী কৰিছে । কংগ্ৰেছৰ এই সাহস নাই বুলিও তেওঁ লগতে কয় । আনহাতে, বিজেপি চৰকাৰখনৰ যদি সাহস আছে তেনেহ'লে অন্য ৰাজ্যতো এন আৰ চি কৰক বুলিও গগৈয়ে মন্তব্য কৰে ।

ৰেৱতী ফুকনৰ কথা উল্লেখ কৰি ৰেৱতী ফুকন ক'ত গ'ল আৰু এই সন্দৰ্ভত চৰকাৰৰ কিয় কানসাৰ নাই নে খবৰ পায়ো চৰকাৰখনে লুকুৱাই ৰাখিছে বুলি তেওঁ চৰকাৰক প্ৰশ্ন কৰে ।

বৰ্তমানৰ চৰকাৰখনে আইন-শৃংখলা আৰু দায়িত্ব পালনত ব্যৰ্থ হোৱা বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে সংবাদমেলত অভিযোগ আনে ।
 

Your Comments