নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ইংৰাজী নৱবর্ষৰ প্ৰথম দিনটোতে অসমৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ কাৰ্যসূচী। কটন বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপূৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি।ইংৰাজী নৱবর্ষৰ প্ৰথম দিনটোতে সকলোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি দীঘলীয়া আন্দোলন কৰি হ'লেও অসমীয়া জাতি ৰক্ষাৰ পণ লয়। ছাত্ৰ সমাজৰ স্পষ্ট কথা কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব 'কা'। 'চৰকাৰে পুলিচ লগাই আমাক যিমানেই গুলী কৰিব,সিমানে বুকু পাতি আমি আগবাঢ়ি যাম।শেষ বিন্দু তেজ থকালৈ অসম ৰক্ষা কৰিম'-কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয়।লগতে কলিতাই আৰু কয়- 'হিমন্তৰ সমষ্টিত বিজেপিক শান্তি সমদল পাতিব লগা অৱস্থা কৰাটোৱে প্ৰমাণ কৰিছে অসমবাসীৰ জয় হ'ব।' ইফালে মাঘ বিহুৰ পিছতে ৰাজ্য ছাত্ৰ সমাজে মাজুলী, বৰপেটা, বোকাখাট আৰু জালুকবাৰীত বিজেপিৰ শ্ৰাদ্ধ পতাৰ বাবে বৃহৎ সমাৱেশৰ আয়োজন কৰিব বুলি জানিবলৈ দিছে।ইতিমধ্যে অসমৰ ছাত্ৰ সমাজৰ সৈতে কথা-বাৰ্তা আৰম্ভ হোৱা বুলি উল্লেখ কৰে অৱস্থান ধৰ্মঘটৰ পৰা।
- Log in to post comments
- 12 views