শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী:
কাছাৰৰ সোণাই বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুতুব আহমেদ মজুমদাৰৰ বিয়োগ ঘটিছে।বুধবাৰে পুৱাৰ ভাগত সোণাইৰ নিজ বাসভৱনত তেওঁৰ মৃত্যু হয়।উল্লেখ্য,প্ৰয়াত মজুমদাৰ কংগ্ৰেছৰ টিকটত বিধায়ক নিৰ্বাচিত হৈছিল যদিও পিছলৈ এআইইউডিএফ দলৰ হৈ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত শিলচৰ আসনত প্ৰতিদ্বন্দিতা কৰিছিল। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বিধায়কগৰাকীয়ে।তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ,এআইইউডিএফ নেতা কৰিম উদ্দিন বাৰভূঞা আৰু যুৱনেতা
চুফিয়ান আহমেদ লস্কৰে।শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে তেওঁলোকে।
- Log in to post comments
- 9 views