'কেব'ৰ বিৰোধিতা 'মাছ'ৰ:মানি নলয় নতুন 'এনআৰচি'

মৰিগাঁৱৰ প্ৰতিবেদক:

কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে জাপি দিবলৈ বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক(কেব)খনৰ তীব্ৰ বিৰোধিতা কৰিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ 'মাছ'-এ। তদুপৰি এনআৰচি পুনৰ প্ৰৱৰ্তন কৰিবলৈ বিচৰা কাৰ্যক মাছে কোনোপধ্যে সমৰ্থন নকৰে বুলিও স্পষ্ট কৰি দিয়ে।'মাছ'ৰ অধ্যক্ষ আদিত্য লহকৰ,সচিব প্ৰধান প্ৰণৱ চেতিয়াৰ হৈ প্ৰচাৰ সচিব জিতুমণি নাথে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত সংগঠনটোৱে নিজৰ স্থিতি প্ৰকাশ কৰি কয় যে অসমত খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিবলৈ বিচৰা কোনো কাৰ্যকেই মাছে সমৰ্থন নকৰে। কেব যিহেতু অসমৰ অসমীয়া ৰাইজৰ পৰিপন্থী,গতিকে ইয়াক মাছে পূৰ্বৰ পৰাই বিৰোধিতা কৰি আহিছে আৰু ভৱিষ্যতেও ইয়াক বিৰোধিতা কৰি যাব।এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি স্পষ্ট কৰি দি পুনৰ কয় যে অসমত চৰকাৰে পুনৰবাৰ এনআৰচি প্ৰস্তুত কৰিবলৈ বিচৰা কাৰ্যৰ মাছে তীব্ৰ বিৰোধিতা কৰি যাব। আনহাতে,এনআৰচি পুনৰবাৰ প্ৰস্তুত কৰিবলৈ বিচৰাৰ আঁৰত চৰকাৰৰ কুটিল ষড়যন্ত্ৰ থকা বুলি মাছে সন্দেহ প্ৰকাশ কৰিছে। একেটা বিবৃতিতে মাছে অহা ২৭ নৱেম্বৰৰ সন্ত্ৰাসবাদ বিৰোধী দিৱস প্ৰত্যেক জিলা সমিতিকে নিজ নিজ জিলাত উদযাপন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ১০ ডিচেম্বৰৰ আন্তজাৰ্তিক মানৱ অধিকাৰ দিৱসটো কেন্দ্ৰীয়ভাৱে গুৱাহাটীত পালন কৰিব বুলিও প্ৰকাশ কৰিছে।

Your Comments