'মাজুলী গাভৰু' গীতক লৈ তীব্ৰ বিতৰ্ক, কন্ঠশিল্পী বাবুৰ বিৰুদ্ধে এজাহাৰ:ৰাজহুৱা ক্ষমা খোজাৰ দাবী সত্ৰাধিকাৰ দল-সংগঠনৰ

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পটভূমিত  নিৰ্মাণ কৰা 'মাজুলী গাভৰু' শীৰ্ষক গীতৰ জৰিয়তে সত্ৰীয়া সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰি গভীৰ শলঠেকত পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা। ভিক্ষাৰীৰ দৰে এঠাইত বহি ধন বিচৰা,মুখা শিল্পৰ অমাৰ্জিত উপস্থাপন,মাজুলীৰ সত্ৰসমূহত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা আদিৰ দৰে গুৰুতৰ অপব্যাখ্যা ভিডিঅ' গীতটোত সনিবিষ্ট কৰাৰ বিৰুদ্ধে মাজুলীৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, দল-সংগঠন আৰু মাজুলীবাসী জাঙুৰ খাই উঠিছে । মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্ধন দেৱ গোস্বামীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিকৃত ৰূপত উপস্থাপন কৰা বিভিন্ন দৃশ্যাংশ তথা আসোঁৱাহপূৰ্ণ ব্যাখ্যা অতি  শীঘ্ৰে  উঠাই দিয়াৰ বাবে দাবী জনাইছে । ইয়াৰ ব্যতিৰেকে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি কঠোৰ সকীয়নি দিছে শিল্পীগৰাকীক ।

Pic

মাজুলীবাসীৰ জনজীৱনৰ  সৈতে হেতালি খেলি সত্ৰীয়া সংস্কৃতিক ম্লান কৰাৰ অভিযোগ কৰি সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ মাজুলী জিলা সমিতিয়ে   মঙলবাৰে  কন্ঠশিল্পী বাবু বৰুৱাৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য কুমাৰ ভূঞা, মাজুলী মহকুমা ছাত্র সন্থাৰ উপদেষ্টা পৱিত্ৰ গোস্বামী আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই শিল্পী বাবু বৰুৱাৰ 'মাজুলী গাভৰু' শীৰ্ষক গীতটোৱে মাজুলীত  প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ কথা উল্লেখ কৰি কয় যে মাজুলীৰ সত্ৰ আৰু মুখা শিল্পৰ কথা ভালদৰে অনুধাৱন নকৰাকৈ ভিডিঅ'টো প্ৰকাশ কৰিলে । এইক্ষেত্ৰত শিল্পী বাবু বৰুৱা আৰু পৰিচালক অসীম গগৈক শীৰ্ঘে স্পষ্টীকৰণ দিবলৈ আহ্বান জনাইছে । লগতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা,ঐতিহ্য বিকৃত নকৰিবলৈ সকীয়নি দিছে । মাজুলীৰ বিষয়ে নূন্যতম জ্ঞান নথকা এজন শিল্পীয়ে এনেদৰে মাজুলীক বিশ্ববাসীৰ ওচৰত লজ্জিত কৰাটো চূড়ান্ত অপৰাধ বুলি মত প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মুনিন্দ্ৰ ভূঞাই । বাবুু  বৰুৱাক   মাজুলীবাসীৰ আগত ক্ষমা খুজিবলৈ দাবী জনাইছে ভূঞাই । তদুপৰি ছ'চিয়েল মেডিয়া ফেচবুকৰ জৰিয়তে মাজুলীক লৈ বেপাৰ নচলাবলৈ সকীয়নি দি মাজুলীৰ কোনো নাৰীয়ে পেটৰ তাড়নাত পৰি নিজৰ সংস্কৃতিক লৈ খেলা নকৰে আৰু ভিক্ষা নকৰে বুলি বিভিন্ন লোকে নিজৰ একাউণ্টত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এনেধৰনৰ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে  মাজুলীত । উল্লেখ্য যে অসম গৌৰৱ মুখা শিল্পই বিশ্ব দৰবাৰত গৈ অসমক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে এই শিল্পক লৈ ভিক্ষা খোজা দৃশ্য অন্তৰ্ভুক্ত কৰাক লৈ সহজ হ'ব পৰা নাই মাজুলীৰ জনসাধাৰণ। 

Your Comments