সময়সীমা উকলি যোৱাৰ পাছত বিপ্লৱী সংগঠন আলফাই দুই অপহৃত ব্যক্তিক সোমবাৰে চৰম শাস্তি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পিছত মুখ খুলিছে কুইপ’ই। “কুইপ’ অইল এণ্ড গেছ ইনফ্ৰাষ্ট্ৰাক্ছাৰ লিমিটেড”ৰ গুৰুগ্ৰামৰ কাৰ্যালয়ৰ পৰা প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ গৰাকীয়ে শনিবাৰে টেলিফোন যোগে সংবাদ মাধ্যমক কয় যে, “আলফাই বান্ধি দিয়া সময়সীমাৰ অন্ত পৰিলেও প্ৰতিষ্ঠানটোৱে আলোচনা চলাই যাব । অসমৰ এজন বিশেষ প্ৰতিষ্ঠিত লোকে এই আলোচনাৰ মধ্যস্থতা কৰি আছে ।”
কুইপ’ৰ প্ৰতিনিধি গৰাকীয়ে জনোৱা মতে, ২১ ডিচেম্বৰ তাৰিখে তেওঁলোকৰ বিষয়া প্ৰণৱ গগৈ আৰু কৰ্মচাৰী ৰাম কুমাৰক অপহৰণ কৰা হৈছিল। পিছত আলফা আৰু উগ্ৰপন্থী সংগঠন NSCNএ অপহৰণৰ দায়িত্ব স্বীকাৰ কৰি প্ৰতিষ্ঠানটোৰ পৰা অপহৃত লোক দুজনৰ মুক্তিৰ বিনিময়ত ২০ কোটি টকা দাবী কৰিছিল। তেওঁ লগতে কয়, ডিচেম্বৰ মাহৰ পৰাই উগ্ৰপন্থী সংগঠনৰে আলোচনা চলি আছিল আৰু যোৱা কিছু সপ্তাহ ধৰি বহুবাৰ টেলিফোন যোগে কথা বতৰাও চলিছিল। প্ৰতিষ্ঠানটোৰ কেইজনমান দায়িত্বশীল বিষয়াই ইয়াৰ কাৰণে অৰুণাচলত বাহৰ পাতি আছিল বুলিও তেওঁ এতিয়া অৱগত কৰে।
তেওঁলোকে চোৰাংচোৱা সংস্থা, কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনাত মিলিত হৈছিল আৰু এতিয়াও প্ৰতিষ্ঠানটোৱে উগ্ৰপন্থী সংগঠনৰে আলোচনা চলাই যাব বুলি প্ৰতিনিধি গৰাকীয়ে জনাইছে ৷
- Log in to post comments
- 47 views