শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
সংগঠনৰ শতাধিক নেতা কৰ্মীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে দেশৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰে যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হয়, তেন্তে ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হৈ নাথাকে আৰু ইয়াৰ প্ৰভাৱ অসমতো পৰিব। ৮৫৫ গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম চুক্তি হৈছিল আৰু এই চুক্তিৰ মতে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৪ মাৰ্চ। এই চুক্তিৰ ভিত্তিত অসমে ২০ বছৰৰ অবৈধ বিদেশীৰ বোজা গ্ৰহণ কৰিলে। তাৰোপৰি উচ্চতম ন্যায়ালয়ৰ তত্বাধাৱনত অসমত এন আৰ চি প্ৰস্তুত হৈছে, তাৰ দ্বাৰাও অসমত বিদেশী থকাৰ কথাটো স্পষ্টহৈ পৰিছে।
এই বিধেয়ক গৃহীত হ'লে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যি হিন্দু আৰু বৌদ্ধ বাংলাদেশী নাগৰিক আহিব তেওঁলোক অসমতে থাকিব। যাৰ ফলত অসমৰ ভাষা সংস্কৃতিৰ লগতে জনগাঁথনিত ব্যাপক প্ৰভাৱ পেলাব। ত্ৰিপুৰাত ত্ৰিপুৰী সকলৰ যি অৱস্থা সেই একেই অৱস্থা অসমৰ খিলঞ্জীয়া সকলৰ লগত হ'ব। সেই বাবে চাৰকাৰে জাতিধ্বংশী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগে বুলি সংগঠনটোৱে উল্লেখ কৰে।
- Log in to post comments
- 3 views