মাজুলীত বুটমাহত বিষক্ৰয়া : শিশুসহ শতাধিক লোক অসুস্থ

majuli

ৰাজীৱ পাতিৰ মাজুলী : 

দক্ষিণ মাজুলী আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ ভেকেলি গাঁৱত বুধবাৰে বুটমাহ খাই বিষক্ৰয়াত অসুস্থ হৈ পৰা প্ৰায় দুই শতাধিক লোকক বৰ্তমান যোৰহাট তথা গোলাঘাটৰ বিভিন্ন চিকিৎসালয়ত ভৰ্ত্তি কৰি চিকিৎসা কৰোৱা হৈছে । জানিব পৰা মতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চাৰি গৰাকী কেচুৱাৰ সৈতে ডেৰশতাধিক লোক থকাৰ লগতে,যোৰহাট সন্জ্ঞীৱনী হাস্পাতালৰ আই চি ইউত এটি কেচুৱা,গোলাঘাট জিলাৰ দেৰগাঁৱৰ ধেমাজী চিকিৎসালয়,কলবাৰী উপ স্বাস্থ্য কেন্দ্ৰ আদিকে ধৰি বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ মুঠ দুই শতাধিক লোক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । এম এম কেৰ নেতা দূৰ্ণ পেগু, টি এম পি কেৰ পবিত্ৰ দলে আৰু কুৰি গৰাকী কেচুৱা এই এই বিষক্ৰিয়াত আক্ৰান্ত হৈ পৰা বুলি এম এম কে যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচং আৰু অঞ্জনা দলেই জানিবলৈ দিছে । উল্লেখ্য যে টাকাম মিচিং পৰিণ কেবাং চমুকৈ টি এম পি কে মাজুলী জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ মাজুলী আঞ্চলিক সমিতিয়ে বুধবাৰে ভেকেলি গাঁৱত কেন্দ্ৰীয়ভাৱে টি এম পি কেৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছিল ।

majuli এই কাৰ্যসূচীত অংশগ্ৰহণ লোকক লঘু আহাৰ হিচাপে বুটমাহ খুওৱা হয় । খোৱাৰ সম্পূৰ্ণ চৌবিশ ঘন্টাৰ পিছত বৃহস্পতিবাৰে আবেলি প্ৰায় দুই বজাৰ লগে লগে ক্ৰমান্বয়ে অসুস্হ হৈ পৰে এইসকল লোক । ইয়াৰ লগে লগে পৰিয়ালৰ আন একাংশ ই তৎপৰতাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়,সন্জ্ঞীৱনী হাস্পাতাল,ধেমাজী চিকিৎসালয়,কলবাৰী উপ স্বাস্হ্য কেন্দ্ৰ আদিকে ধৰি বিভিন্ন চিকিৎসালয়লৈ লৈ গৈ ভৰ্তি কৰি চিকিৎসা কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। ভেকেলি গাঁৱৰ ক্ৰমে জুলি দলে,জ্যোতিস্না দলে,ভীম পেগু, দিপ্তী পেগু, মাধুৰ্য পেগু, অঞ্জু পেগু, মৰমী পেগু,অমৰিতা,মনালিছা পেগু,নিজুমনি পেগু আদিকে ধৰি দুই শতাধিক লোকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও  নিশা পৰ্যন্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত সমস্যাৰ সৃষ্টি হৈছে । যিহেতু ভেকেলিৰ পৰা যোৰহাটলৈ লৈ যাবলৈ হ'লে বিশাল ব্ৰহ্মপুত্ৰ নৈখন পাৰ হ'ব লাগে ।  ইপিনে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপযুক্ত বিচনা নাপাই এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । অসুস্থ হৈ পৰা লোকক চিকিৎসাৰ বাবে ঘটনা স্হলীৰ লগতে যোৰহাট আৰু গোলাঘাটৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা আহত লোকক স্বাস্থ্য সেৱা প্ৰদানৰ বাবে যোৰহাট আৰু মাজুলী জিলাৰ পৰা প্ৰাথমিক পৰ্যায়ত দুটা চিকিৎসকৰ দলে ৰাওনা হৈছে যদিও কলবাৰী উপ স্বাস্থ্য কেন্দ্ৰত থকা ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱা লাভ নকৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে । আহত লোকৰ বাবে এম এম কে যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচংৰ নেতৃত্বত এটা পোন্ধৰ জনীয়া দলে বিভিন্ন পৰ্যায়ত সকলো প্ৰকাৰৰ সহায় আগবঢ়াইছে । উল্লেখ্য যে কালি লঘু আহাৰৰ বাবে গ্ৰহণ কৰা বুটমাহ প্ৰায় পোন্ধৰ কেজি বিভিন্ন বজাৰ দোকানৰ ক্ৰয় কৰা হৈছিল বুলি সংগঠনটোৰ সূত্ৰই প্ৰকাশ কৰিছে । যোৰহাটৰ             বৰমুকলি সোমবাৰীয়া বজাৰৰ পৰা ৰঙা বুটমাহ দহ কেজি আৰু দেৰগাঁৱৰ এখন দোকানৰ পৰ ডেৰ কেজি কাবলী বুটমাহ ক্ৰয় কৰা হৈছিল বুলি প্ৰকাশ । এই ঘটনাৰ বাবে এম এম কে যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ  লগতে তদন্তৰ দাবী জনাইছে । তদুপৰি মাজুলীৰ বিভিন্ন দল সংগঠনে ইয়াৰ উচিত তদন্তৰ জৰিয়তে ব্যৱস্থা গ্রহণৰ দাবী কৰিছে ।

Your Comments