শিৱসাগৰত বিশ্ব খাদ্য দিৱস উপলক্ষে পৰম্পৰাগত খাদ্য মেলাৰ আয়োজন

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :

বিশ্ব খাদ্য দিৱস উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সক্রিয় সহযোগিতাত আজি জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত এক পৰম্পৰাগত খাদ্য মেলাৰ আয়োজন কৰা হয়। 

এই খাদ্য মেলাখনিৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত তথা জিলা সমাজ কল্যাণ বিভাগৰ দায়িত্ব প্ৰাপ্ত বিষয়া জুনুমণি সোনোৱালে। তেওঁ মেলাখনত অংশগ্ৰহণ কৰা আত্মসহায়ক গোট সমূহৰ সদস্যা সকলৰ উদ্যোগক শলাগ লয়। তেওঁ এনে প্ৰচেষ্টাৰ দ্বাৰা আৰ্থিক স্বাৱলম্বন প্ৰাপ্তিৰ লগতে সমাজত পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তাৰ বিষয়েও সজাগতা বৃদ্ধি হ'ব বুলি মন্তব্য কৰে।sib

খাদ্য মেলাখনিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা আত্মসহায়ক গোট সমূহে অংশগ্ৰহণ কৰি তেওঁলোকৰ উৎপাদিত আৰু তৈয়াৰ কৰা খাদ্যবস্তু, পিঠা-পনা, বিভিন্ন ধৰণৰ থলুৱা আৰু পৰম্পৰাগত খাদ্য আৰু ব্যঞ্জন ৰুচিসন্মত ভাৱে প্ৰদৰ্শন কৰে। 

এই মেলাৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলা সকলে মিছন এগৰ জৰিয়তে পালন কৰা কুকুৰাৰ উৎপাদিত কণী প্ৰদৰ্শন আৰু বিক্ৰী কৰি পুষ্টিকৰ খাদ্য ঘৰতে উৎপাদন কৰি পুষ্টিহীনতাৰ বিৰুদ্ধে আৰম্ভ হোৱা এক যাত্ৰাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে।

খাদ্যমেলাত জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্রকল্প বিষয়া সুৰজ জ্যোতি গগৈ, অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ নগৰ প্ৰকল্প প্ৰবন্ধক প্ৰিয়া মেচ, ইউনিচেফৰ পুষ্টি পৰামৰ্শদাতা গীতাশ্ৰী ফুকনৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Your Comments