মাজুলীত টি এম পি কেৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

majuli

ৰাজীৱ পাতিৰ, মাজুলী :

টি এম পি কেৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা আজি মিচিং জনগোষ্ঠীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদ নেতা ক্ৰমে বগা মেদক,নৰেশ টাইদ আৰু অঞ্জনা পেগুক  শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেওঁলোক কেচা তেজৰ ত্যাগৰ মূল্য যিকোনো সংগ্ৰামৰ বিনিময় অৰ্থাৎ জাতীয় ন্যায্য প্ৰাপ্তিৰ অধিকাৰ আজুৰি আনিব বুলি সংকল্প গ্ৰহণ কৰে মাজুলীত উদযাপন কৰা বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে । টি এম পি কে মাজুলী জিলা  সমিতিৰ অন্তৰ্গত টি এম পি কে আঁহতগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত এম এম কে, টি এম এম কেৰ সহযোগত আজি চেৰপাইখোৱা বজাৰ তিনিআলিত  কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযান,পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয়। পতাকা উত্তোলন কৰে টি এম পি কে আঁহতগুৰি আঞ্চলিক সমিতিৰ সভাপতি পংকজ কুম্বাঙে ।m

ইয়াৰ পিছত কুইজ,কবিতা আবৃত্তি তথা বিভিন্ন সাংস্কৃতিক বিষয়ৰ ওপৰত প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পিছত দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা । টি এম পি কেৰ মাজুলী জিলা সমিতিৰ শিক্ষা সম্পাদক লিয়াৰ্ড প্ৰতীম ৰেগনে উদ্বোধন কৰা মুকলি সভাত আৰম্ভণি গীত পৰিৱেশন কৰে চেৰপাইখোৱা গাঁৱৰ শিল্পীসকলে । মিচিং আগম কেবাংৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য সূনীল পেগুৱে সভাপতিত্ব কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে সাংবাদিক ৰাজীৱ পাতিৰ,মুখ্য অতিথি হিচাপে আঁহতগুৰি হাইস্কূলৰ প্ৰধান শিক্ষক কমল বৰা,কৰতিপাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা মনিতা লাগাচু আদিকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক সমাজে বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকি বক্তব্য ৰাখে । কৰতিপাৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত ক্ৰমে মহৰিচুক,বৰগুৰি,নতুন মহৰিচুক, চাৰিঘৰীয়া,শ্ৰীৰামপুৰীয়া,ওখলচুক,কুলি চাপৰি, মাজৰ চাপৰি আদি বিভিন্ন গাঁও সমিতিয়ে বিভিন্ন সাহিত্য,সাংস্কৃতিক কাৰ্যসূচী তথা শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰি শ্বহীদ নেতাৰ ত্যাগক উচিত মৰ্যদা দিয়াৰ সংকল্প গ্ৰহণ কৰে। টি এম পি কেৰ জেংৰাইমুখ আঞ্চলিক সমিতিৰ অন্তৰ্গত ক্ৰমে উজনি বৰপমুৱা, মধ্য বৰপমুৱা, বালি বৰপমুৱা, নামনি বৰপমুৱা,বৰপথাৰ,লখিমী বৰপমুৱা,জেংৰাই গাঁও,জেংৰাই আমগুৰি,জেংৰাই ঠেকেৰাগুৰি,জেংৰাই চাপৰি আৰু জেংৰাই বালি চাপৰি আদি এঘাৰখন গাঁও সমিতিত টি এম পি কেৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মদ ভাং,জুৱা,প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ দাবীৰ সমৰ্থনত জনসজাগতা সভা,শোভাযাত্ৰা বাহিৰ কৰা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। টি এম পি কে জেংৰাইমুখ আঞ্চলিক সমিতিৰ উদ্যোগত জেংৰাইমুখ মহাবিদ্যালয় ছাত্র একতা সভাৰ সহযোগত জেংৰাইমুখ মহাবিদ্যালয় প্ৰেক্ষাগৃহত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত জেংৰাইমুখ মহাবিদ্যালয় টি এম পি কে গোটৰ সভাপতি হিচাপে বিক্ৰম দলে আৰু সম্পাদক হিচাপে বিশ্বজিৎ পেগুক লৈ নতুনকৈ আজি এখন সমিতি গঠন কৰা হয়।

m2 এই অনুষ্ঠানত টি এম পি কে মাজুলী জিলা সমিতিৰ সাংগঠনিক সম্পাদক দিম্পু দলে,আলোচনী সম্পাদক জ্ঞানেন্দ্ৰ দলেই পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ।  ৰতনপুৰ মিৰি  আঞ্চলিক সমিতিৰ টি এম পি কেৰ ২৪ সংখ্যক, এম এম কেৰ ১৩ সংখ্যক আৰু টি এম এম কেৰ ১৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন যোৱা ১৫ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । ৰতনপুৰ মিৰি যুৱক সংঘৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা ১৫ অক্টোবৰৰ কাৰ্যসূচী অনুসৰি সামূহিক চাফাই, কাৰ্যকৰী সভা,প্ৰতিনিধি পঞ্জীয়ন, প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন আৰু প্ৰতিনিধি সভাৰে প্ৰথম দিনৰ কাৰ্যসূচী সম্পন্ন হয় । আজি ১৬ অক্টোবৰৰ দ্বিতীয় দিনা পতাকা উত্তোলন,শ্বহীদ তৰ্পণ, বিভিন্ন সাহিত্য বিষয়ৰ ওপৰত প্ৰতিযোগিতাৰ পিছত দুপৰীয়া বাৰ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা । সভা উদ্বোধন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩০ নং চাংগা মাজুলী সমষ্টিৰ সাধাৰণ সদস্য নীলকান্ত দলেই । অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰামগোবিন দলে, সাহিত্য সম্পাদক চান পাংগিং ,বিশিষ্ট অতিথি হিচাপে দেৱজিৎ পাতিৰ মনজিলিকা দলে পেগু আদিয়ে অংশগ্ৰহণ কৰে ।m3

 ইফালে কাৰ্কিচুক আঞ্চলিক টি এম পি কেৰ সপ্তদশ, এম এম কেৰ একাদশ আৰু টি এম এম কেৰ একাদশ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আজি ১৬ অক্টোবৰত এদিনীয়া কাৰ্যসূচীৰে শিমলুগুৰি কাংকানজ্যোতি মৃৰং অকুমত অনুষ্ঠিত হয়। কাৰ্যসূচীৰ ভিতৰত সামূহিক চাফাই, পতাকা উত্তোলন, স্মৃতি তৰ্পণ,প্ৰতিনিধি পঞ্জীয়ন, প্ৰতিনিধি দ্বাৰ উন্মোচন,নতুন সমিতি গঠন আৰু মুকলি সভাৰে এই অধিৱেশনৰ কাৰ্যসূচী সম্পন্ন হয় ।

Your Comments