অসম-নগালেণ্ড-অৰুণাচল  সীমান্তৱৰ্তী কানুবাৰীত স্বাস্থ্য সজাগতা সভা

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

গ্ৰামীণ স্বাস্থ্য সুৰক্ষা আৰু সজাগতা কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আজি প্ৰতিষেধক দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ঔগুৰি লুখুৰাখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হয় এই সজাগতা সভাখন। সজাগতা সভা খনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সাপেখাতি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহিলা স্বাস্থ্য তত্বাৱধায়িকা চমুকৈ এল এইচ এচ ৰূপদা কোঁৱৰে গৰ্ভৱতী নাৰীৰ সমস্যা, শিশুৰ স্বাস্থ্যৰ যতন, মহিলাৰ ঋতুকালীন সমস্যা, নিয়মীয়া স্বাস্থ্য পৰীক্ষা, বিভিন্ন প্ৰতিষেধক তথা বন্ধ্যাকৰণ, তেজ পৰীক্ষা আদি বিষয়ৰ ওপৰত মহিলা সকলক অৱগত কৰে। উল্লেখ্য যে অসম, নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অসমৰ বহু ৰোগীৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ বহু লোকে দৈনিক স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহে।

ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ ভিতৰুৱা অঞ্চল ঔগুৰি লুখুৰাখনত অৱস্থিত এই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি অনুষ্ঠিত হোৱা সজাগতা সভাখনৰ জৰিয়তে উপস্থিত মহিলা সকলে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন কথা জানিবলৈ সক্ষম হয়। ঔগুৰি লুখুৰাখন গাঁৱৰ গাঁওবুঢ়া হৰেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ঔগুৰি লুখুৰাখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ প্ৰাঙ্গনা শৰ্মা, ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ৰ স্বৰ্ণ দত্ত কোঁৱৰ, বণিতা তাছা, কমলনী গগৈৰ ওপৰিও বহুকেইগৰাকী স্বাস্থ্য কৰ্মী, আশা কৰ্মীৰ লগতে যথেষ্ট সংখ্যক মহিলা উপস্থিত থাকে।

Your Comments