শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্রতিবেদন :
শুৱালকুছি সংহত শিশু উন্নয়ন প্ৰকল্প আৰু স্বচ্ছ ভাৰত মিছন ,কামৰূপ জিলাৰ যুটীয়া উদ্যোগত কামৰূপ জিলাৰ গন্ধমৌত ৰাক্ষসিনী চৰ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত মঙলবাৰে বিশ্ব হাত ধোৱা দিৱস উদযাপন কৰা হয় ৷ বিশ্ব হাত ধোৱা দিৱসৰ লগত সংগতি ৰাখি দিনৰ এঘাৰ বজাত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে শুৱালকুছি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া নিলোৎপলা বড়া দাসে ,সভাত উপস্থিত থাকি হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কমল বৰুৱাই কয় যে , খাদ্যৰ আগেয়ে আৰু খাদ্যৰ পাছতো প্ৰত্যেকেই নিজৰ নিজৰ হাত দুখন ধোৱাটো অতি জৰুৰী ৷প্ৰতিটো ক্ষেত্ৰত হাত ধোৱা আৰু পৰিষ্কাৰকৈ ৰখাটো অত্যান্তই প্ৰয়োজন ,হাত দুখনৰ পৰাই পোনপতীয়া খাদ্যৰ জৰিয়তে বহুতো বেমাৰৰ বীজাণু আমাৰ শৰীৰত প্ৰবেশ কৰে বুলি বিষয়া গৰাকীয়ে মন্তব্য কৰে৷ বিশ্ব হাত ধোৱা দিৱসত উপস্থিত থাকি স্বচ্ছ ভাৰত মিচন ,কামৰূপ জিলাৰ ,জিলা সমন্বয়ক জলী চাংমাই কলিতাই কয় যে হাত শুদা পানীৰে নহয় ভালদৰে চাবোনেৰে ঘহিঁ ঘঁহি ফেন উঠাই ধুব লাগে।
তেওঁ লগতে কয় যে কেৱল হাতৰ ওপৰৰ অংশটোৱেই নহয় ,হাতৰ পাছৰ অংশটোৰ লগতে দুই আঙলিৰ ফাকঁ নখৰ গুৰিৰ পৰা আগলৈ ভালকৈ ধুব লাগে ৷সভাত কামৰূপ জিলা সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া ফুলপাহি নাথেও বক্তব্য আগবঢ়াই ৷শুৱালকুছি উন্নয়ন খণ্ডৰ ভাঃপ্ৰাঃ খণ্ড উন্নয়ন বিষয়া গৌতম প্ৰীতম মহন্তইও বিশ্ব হাত ধোৱা দিৱসৰ তাৎপৰ্য বাখ্যা কৰে ৷বিশ্ব হাত ধোৱা দিৱস অনুষ্ঠানত বড়া দাস , ১১৪ নং গন্ধমৌ গাওঁ পঞ্চায়তৰ সভাপতি ইজাজুৰ ৰহমান (মুকুট) , ৰাক্ষসিনী চৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিশিষ্ট সমাজ কৰ্মী পৰাণ আলী , ৰাকেশ বৈশ্য আদি বিশিষ্ট লোক সকল উপস্থিত থাকে ৷
- Log in to post comments
- 111 views