শিৱসাগৰত দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাক স্মৰণ

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

 শিৱসাগৰৰ এক সাংস্কৃতিক অনুষ্ঠান নতুন অৰুণোদয়ে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাক শ্ৰদ্ধা নিবেদনৰে স্মৰণ কৰাৰ উদ্দেশ্যে মঙলবাৰে সন্ধিয়া "সোৱৰণী কুঁৱলীত ৰাণাদাৰ গান" শীৰ্ষক এক সংগীতানুষ্ঠান অনুষ্ঠিত কৰে ।জয়ন্ত হাজৰিকাৰ ৪২ সংখ্যক মৃত্যু দিৱস উপলক্ষে শিৱসাগৰ নাট্য মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা দৰদী শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নতুন অৰুণোদইৰ সভাপতি পৰেশ বৰা অৰু সম্পাদক ৰাজা বৰঠাকুৰে। তাৰ পিছত বিশিষ্ট শিল্পী হেম শইকীয়াক সম্বৰ্দ্ধনা জনোৱা হয়। সংগীতানুষ্ঠান কণ্ঠশিল্পী জয়ন্ত দত্ত, অতনু বৰা কৰুণাদত্ত অৰু নৱজ্যোতি ভট্টাচাৰ্যৰ লগতে শিৱসাগৰৰ অডিঅ' চিটিৰ অনুস্কা তৰংগিনী, দিক্ষিতা বৰা, মিগ্না বৰা, অনুপল দত্ত, অস্মত দত্ত, পাৰ্চা ফাৰহিন হাবিব, অনুপল ভাগৱতী,ৰঞ্জুমণি অনুৎপল, প্ৰিচমিকা বৰা, চেভি আখতাৰ, গংগুত্ৰী বৰা, আস্থামিতা গগৈ, হেপ্পী গগৈ, ভাস্বতী ৰাজবংশীকে ধৰি কুৰিগৰাকী নবীন-প্ৰবীন শিল্পীয়ে দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ বহুকেইটা জনপ্ৰিয় গীত পৰিবেশন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ।s

অনুষ্ঠানটোৰ আঁত ধৰে নিবন্ধকাৰ পাৰ্থপ্ৰদীপ বৰা আৰু অধ্যাপক ড০ উৎপল দত্তই । অনুষ্ঠানত নতুন অৰুণোদয়ৰ ৰাতুল বৰুবা, সৌৰভ চলিহা, পংকজ বৰা, অনুপ ভট্ট, মনোজ গোহাই, অনল শৰ্মা, ৰাতু কুমাৰ দাস, জামালউদ্দিন আহমেদকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ।

Your Comments