হাতেৰে নহয়,ভৰিৰে ছবি আঁকে ঢেকীয়াজুলিৰ সুদিপ্তাই 

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :

জন্মৰ পিছত তাইও আন শিশুৰ দৰেই স্বাভাৱিক আছিল । খোজকাঢ়িব পৰা হোৱাৰে পৰা তাইও আনৰ দৰেই দৌৰিছিল, খেলিছিল । তাইৰ বিকাশ আৰু বৃদ্ধি ১৪ মাহ বয়সলৈকে সকলো ঠিকে - ঠাকেই আছিল । কিন্তু বয়স বৃদ্ধিৰ লগে লগে তাইৰ হাত- ভৰি কাৰ্যক্ষমহীন হৈ আহিল । কোনেও নভৱাকৈ তাইৰ দেহত কিছু পৰিৱর্তন দেখা পোৱা গ'ল । এতিয়া তাই আগৰ দৰে থিয় হ'ব নোৱাৰে । হাত দুখনিও কিছু পৰিমাণে অক্ষম হৈ গৈ আছে ।অনাকাংক্ষিতভাৱে বন্ধ হৈ গ'ল তাইৰ মাত । এটা সময়ত তাই সম্পূৰ্ণ অক্ষম হৈ পৰাত চিন্তাত পৰিছিল তাইৰ পিতৃ - মাতৃ । দিক-বিদিক হেৰুৱাই পেলাইছিল তেজপুৰৰ ঢেকীয়াজুলিস্থিত নাৰায়ণপুৰৰ এম ই স্কুলৰ বৰ্তমান অষ্টম শ্ৰেণীত অধ্যয়নৰত সুদিপ্তা ভৌমিকৰ পিতৃ - মাতৃয়ে । তাইৰ এই অস্বাভাৱিক পৰিৱৰ্তন দেখি ডক্টৰৰ ওচৰ চাপিছিল । ডক্টৰে এইয়া কিবা চি পিৰ সমস্যা বুলি ক'লে । চিকিৎসা চলি থাকিল । এটা সময়ত হাত - ভৰি কিছু  কাৰ্যক্ষম হৈ আহিল যদিও আগৰ দৰে তাইৰ শাৰীৰিক স্বতন্ত্ৰতা এতিয়াও ঘূৰি অহা নাই । কিন্তু অতি আশাব্যঞ্জকভাবে তাইৰ বন্ধ হৈ পৰা মাত কিছু পৰিমাণে ঘূৰি আহিল । তাইৰ মাত ঘুৰি অহাৰ লগে লগে কেৱল  "মা" শব্দটোৰেই প্ৰথমে চিঞৰি দিছিল ।jamuguri

ইয়াৰ পাছতেই তাইৰ জীৱনলৈ আহিল অন্য এক পৰিৱৰ্তন । তাই হাতেৰে কোনোমতেহে কিবা এটা ধৰিব পাৰে । কিন্তু তাইৰ ভৰি দুখনে আকৌ হাততকৈ বেছি কাৰ্যক্ষম হৈ গৈ আছিল । তাই ছবি আঁকি ভাল পায় । পিতৃ- মাতৃৰ অজ্ঞাতে তাই হাতেৰে নহয় ভৰিৰে লুকাই - লুকাই ছবি আঁকিব ধৰিলে ।  কেতিয়াবা তাইৰ এনে বিস্ময়কৰ কাণ্ড দেখিলে  পিতৃ- মাতৃয়ে বাধাও দিছিল । কিন্তু তাই নিজৰ কাম নিজে কৰি গ'ল । অৱেশ্যে তাই হাতেৰে খাবও পাৰে, নিজেই গা ধোবও পাৰে । কিন্তু লিখা-মেলা ছবি অঁকা সকলোবোৰ ভৰিৰেই নিপুণতাৰে সমাধা কৰিব পাৰে । ভৰিৰেই ৰঙ তুলিকাৰে পৰশ যাঁচে ছবিবোৰত । কি সুন্দৰ ক'লা তাইৰ ! ভৱিষ্যতে এগৰাকী ক'লা শিল্পী হোৱাৰ মন তাইৰ । তাইৰ শাৰীৰিক প্ৰতিবন্ধকতাই যেন তাইৰ মনোবলক কোনো মতেই বাধা দিব পৰা নাই । তাইৰ চকুত প্ৰবল ইচ্ছা শক্তি । প্ৰতিখোজত তাইৰ আকাশ চুবৰ মন । প্ৰতিভা আৰু প্ৰবল ইচ্ছা শক্তি থাকিলে যে জীৱন পথত যিমান বাধা আহিলেও আগুৱাই যাব পাৰি তাৰ এক উৎকৃষ্ট উদাহৰণৰ নামেই যেন "সুদিপ্তা ভৌমিক"।

Your Comments