মাজুলীত আন্তঃৰাষ্ট্ৰীয় হাত ধোৱা দিৱস উদযাপন

majuli

ৰাজীৱ পাতিৰ,মাজুলী :

মাজুলী কল্যান বিভাগৰ উদ্যোগত মাজুলী জিলা জনস্বাস্হ্য কাৰিকৰী বিভাগৰ সহযোগত মঙলবাৰে মাজুলীত 'আন্তঃৰাষ্ট্ৰীয় হাত ধোৱা দিৱস (আন্তঃৰাষ্ট্ৰীয় হস্ত প্ৰক্ষালন দিৱস)-২০১৯' উদযাপন কৰা হয় । এই দিৱসৰ উপলক্ষে ৰাষ্ট্ৰীয় পোষণ অভিযানৰ অধীনত অসমৰ অন্যতম জনপ্ৰিয় বেচৰকাৰী শিক্ষানুষ্ঠান জেংৰাইমুখ চেণ্ট প'ল হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাস্থ্যসন্মত পদ্ধতিৰে চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । ৰোগ প্ৰতিৰোধৰ বাবে চাবোনেৰে হাত ধোৱাৰ গুৰুত্বৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা এই কাৰ্যসূচীত মাজুলী জিলা অতিৰিক্ত উপায়ুক্ত উৎপল দলেই অংশগ্ৰহণ কৰি কয় শিক্ষিত হ'লেই নহ'ব জ্ঞানী হ'ব লাগিব । এই ক্ষেত্ৰত প্ৰয়াত ভাৰতৰ ৰাষ্ট্ৰপতি ড' এ পি জে আব্দুল কালামৰ আদৰ্শৰ প্ৰসংগ উত্থাপন কৰি জ্যেষ্ঠ জনক শ্ৰদ্ধা,কনিষ্ঠক মৰম আৰু সকলোৱে আন্তৰিকতাৰে জীয়াই থাকিবলৈ শিক্ষা ল'ব লাগে বুলিও কয় অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।majuli2

ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলক হস্ত প্ৰক্ষালনৰ স্বাস্থ্যসন্মত সঠিক পদ্ধতিৰ অনুশীলন কৰায়। এই অনুষ্ঠানত জেংৰাইমুখ চেন্টপ'ল স্কূলৰ অধ্যক্ষ ফাদাৰ জয় পানিকুনেল তথা বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকি হাত ধোৱা দিৱস সন্দৰ্ভত বক্তব্য ৰাখে । ইপিনে মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়,জেংৰাইমুখৰ লগতে জিলাখনৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰসমূহত এই দিৱস পালন কৰি কণ-কণ শিশুসকলক চাবোনেৰে ভালদৰে হাত ধোৱাৰ অভ্যাস কৰোৱা হয়। অপৰিষ্কাৰ-লেতেৰা হাতেৰে খাদ্য গ্ৰহণ কৰিলে শৰীৰত সহজেই ৰোগৰ বীজাণু আদিয়ে প্ৰৱেশৰ সুযোগ পোৱাৰ দিশটোলৈ লক্ষ্য ৰাখি বিশ্বজুৰি পৰিষ্কাৰ-পৰিচ্চন্ন হাতেৰে খোৱাৰ অভ্যাস গঢ়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ১৫ অক্টোবৰৰ দিনটোত এই দিৱস পালন কৰা হয়। হাতত থকা বীজাণু কেৱল পানীৰে হাত ধুলে আঁতৰ নোহোৱাটো ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞ তথা গৱেষকসকলৰ পৰীক্ষাত নিশ্চিত হৈছে। কিন্তু খোৱাৰ আগতে সদায় ভালদৰে চাবোনেৰে হাত ধুই পৰিষ্কাৰ কৰি ল'লে শৰীৰত ৰোগৰ বীজাণু আদিৰ প্ৰৱেশ বহু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়। ভালকৈ চাবোনেৰে হাত ধুৱাৰ এক স্বাস্থ্যসন্মত অভ্যাস সকলোৰে মাজত যাতে সৰুৰে পৰাই গঢ় দিব পৰা যায়, তাৰবাবে ফুলনিৰ নাগনচুক অংগনবাদী কেন্দ্ৰকে ধৰি মাজুলীৰ সকলোঅংগনবাদী কেন্দ্ৰত এইবিষয়ে কণ-কণ শিশুসকলক বুজোৱাৰ লগতে অভ্যাস কৰোৱা হয়।

Your Comments