বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ ভাতৃ চিত্ৰৰঞ্জন বৰুৱাৰ আজি দিনৰ প্ৰায় ১১বাজি ৫ মিনিটত চৰাইদেউ জিলাৰ সোণাৰিৰ বৰপুখুৰীস্থিত নিজা বাসগৃহত মৃত্যু হয় । মৃত্যুৰ সময়ত বৰুৱাই পত্নী,পুত্ৰ বোৱাৰী, নাতি আৰু দুগৰাকী বিবাহিত জীয়ৰীক এৰি থৈ যায়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮০ বছৰ ।
চিত্ৰৰঞ্জন বৰুৱাই এসময়ত অপৰূপা বোলছবিত প্ৰয়াত অভিনেতা বিজু ফুকনৰ লগত ডাক্তৰৰ চৰিত্ৰত অভিনয় কৰিছিল । ২০১৩ চনত " বহু দুৰ যাবলৈ আছে ভাঙি নপৰিবা অৰুন্ধতী" আৰু ২০১৫ চনত "ইবাৰ নেৰিবা মোক" নামৰ দুখন গন্থ লিখি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । চিত্ৰৰঞ্জন বৰুৱাৰ ১৯৩৯ চনত বৰহাটৰ জাপিসজীয়াত জন্ম হৈছিল। চেপন হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে চাকৰি কৰি বৰুৱাই ২০০১ চনত অৱসৰ হৈছিল । তেওঁ বকতা পাৰিজাতৰ"বীৰ লাচিত থিয়েটাৰ"ৰ পৰিচালক তথা পৃষ্ঠপোষকো আছিল।
উল্লেখযোগ্য যে বৰুৱাৰ একমাত্ৰ পুত্ৰ মঞ্জুল বৰুৱাইয়ো "অন্তৰীপ" আৰু "লিয়াকৎ" নামৰ দুখন বোলছবি পৰিচালনা কৰি ৰাজ্যিক বঁটাৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।চিত্ৰ ৰঞ্জন বৰুৱাৰ মৃত্যুত চৰাইদেউ জিলাৰ সোণাৰিত শোঁকৰ ছাঁ পাৰে।
- Log in to post comments
- 16 views